Begin typing your search above and press return to search.

অসমলৈ ৫১ লাখ বান সাহাৰ্য্য অমিতাভ বচ্ছনৰ : সকলোকে সহায় কৰিবলৈ আহ্বান বিগ বিৰ

অসমলৈ ৫১ লাখ বান সাহাৰ্য্য অমিতাভ বচ্ছনৰ : সকলোকে সহায় কৰিবলৈ আহ্বান বিগ বিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2019 12:41 PM GMT

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্ছনে বান বিধস্ত অসমলৈ ৫১ লাখ বান সাহাৰ্য্য প্ৰদান কৰিছে। অসম আৰু কেৰেলাক বৰ্তমান সকলোৰে সহায়ৰ প্ৰয়োজন । অসমৰ এনে দুৰ্যোগৰ সময়ত মেগাষ্টাৰ অমিতাভ বচ্ছনে ৫১ লাখ টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ।

অমিতাভ বচ্ছনৰ এই সাহাৰ্য্যৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বলীউডৰ মেগাষ্টাৰ গৰাকীক টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে প্ৰকাশ কৰে যে, " মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অমিতাভ বচ্ছন জীয়ে আগবঢ়োৱা সাহাৰ্য্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো । এইটো এটা বৃহৎ পদক্ষেপ আৰু লোকসকললৈ মৰম । অসমৰ জনসাধাৰণৰ ফালৰ পৰা আপোনাৰ সাহাৰ্য্যৰ বাবে ধন্যবাদ "।

https://twitter.com/sarbanandsonwal/status/1153653751086870531

মুখ্যমন্ত্ৰীৰ টুইটত মেগাষ্টাৰ অমিতাভ বচ্ছনে উত্তৰ দি প্ৰকাশ কৰে যে, বৰ্তমান অসমত দুৰ্যোগৰ সময়। বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । তেওঁ অসমৰ ভাতৃ ভগ্নীক সহায় সহযোগিতাৰ আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছে । মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ সাহাৰ্য্য আগবঢ়াবলৈ আহ্বান জনাই সকলোকে ।বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

https://twitter.com/SrBachchan/status/1153700342309068800

বলীউডৰ তাৰকা জন আব্ৰাহমৰ লগতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ে টুইটাৰযোগে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে। দিয়া মিৰ্জায়ে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে ।

অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে ।যতিন বৰায়ে ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে। লগতে জনপ্ৰিয় অভিনেতা জনে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ সমগ্ৰ দেশবাসীকে আহ্বান জনাই ।ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: অসমলৈ ৫১ লাখ টকাৰ বান সাহাৰ্য্য মেগাষ্টাৰ অমিতাভ বচ্ছনৰ

Next Story
চাকৰি