বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বটাঁ

বলীউডৰ চিৰ সেউজ অভিনেতা অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বটাঁৰে সন্মানিত কৰা হ’ব ৷ চৰকাৰে এই বটাঁ ভাৰতীয় ছবি জগতৰ কাৰণে আগবঢ়োৱা অৱদানৰ কাৰণে মেগাষ্টাৰ অমিতাভ বচ্চনক আগ বঢ়াইছে ৷ বলীউডৰ "বিগ বি"ক দাদা চাহেব ফাল্কে পুৰস্কাৰ দিয়াৰ সন্দৰ্ভত মংগলবাৰে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰ যোগে কয় যে অমিতাভ বচ্চনে আমাৰ দুটা প্ৰজন্মক মনোৰঞ্জন আৰু প্ৰেৰণা যোগাই আহিছে ৷ তেওঁক সৰ্বসন্মতি ক্ৰমে দাদা চাহেব ফাল্কে বটাঁৰ কাৰনে বাছনি কৰা হৈছে। এই খবৰক লৈ সমগ্ৰ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সুখী । তেওঁলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ৷

ইফালে বলীউডৰ ছুপাৰষ্টাৰ তথা বিগ বি অমিতাভ বচ্চনে Angry Young Man পৰা পৰিৱৰ্তন হৈ শ্বাহেনশ্বাহৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷প্ৰায় পাঁচটা দশকত বলীউডৰ অভিনেতাগৰাকীয়ে ভাৰতীয় ছবি জগতলৈ যি অৱদান আগবঢ়াইছে সেয়া অতিকৈ উল্লেখ্যনীয়। অমিতাভ বচ্চনে ছবি জগতত পদাৰ্পণ কৰিছিল "সাত হিন্দুস্তানী" ছবিৰ জৰিয়তে ৷তাৰ পিছত আনন্দ ছবিত অভিনয় কৰে । ১৯৭৩ চনত প্ৰকাশ মেহৰাৰ জঞ্জিৰ ছবিত অভিনয় কৰে "বিগ বি"য়ে ৷

ইয়াৰ পিছত আৰু পিছলৈ চোৱা নাই অমিতাভ বচ্চনে ৷ কাৰণ ছবিখনত বচ্চনৰ Angry Young Manৰ চৰিত্ৰ,ষ্টাইল আদিয়ে চলচ্চিত্ৰ প্ৰেমীৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। ইফালে সফলতা আৰু বলীউডৰ বিগ বি অমিতাভ বচ্চন যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷কিন্তু বচ্চনৰ এই সফলতা এদিনতে লাভ কৰা নাছিল ৷ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতহে অমিতাভ বচ্চন সফলতাৰ সন্মুখীন হৈছিল ৷ আনহাতে অমিতাভ বচ্চনৰ বিভিন্ন ছবিসমূহৰ চৰিত্ৰসমূহক দৰ্শকে বিভিন্ন ধৰণে ভাল পায়। কিছুমান লোকে অমিতাভ বচ্চনক দীৱাৰ , জঞ্জিৰ,ডন আৰু শ্ব’লে আদি ছবিৰ চৰিত্ৰসমূহত কৰা অভিনয়ৰ কাৰণে ভাল পায় ।কিছুমানে তেওঁক ব্লেক,পা আৰু পিকু ছবিৰ চৰিত্ৰৰ কাৰণে ভাল পায়। কিছুমান দৰ্শকে আকৌ অমিতাভ বচ্চনক ভাল পায় কমেডী চৰিত্ৰৰ কাৰণে।

উল্লেখ্য যে বিগত সময়ত সুজয় ঘোষৰ তথা অমিতাভ বচ্চনৰ বদলা ছবি খন আছিল এখন ছুপাৰহিট ছবি ৷ বচ্চনৰ অনাগত দিনত মুক্তি পাব লগা ছবিসমূহৰ ভিতৰত আছে চেহেৰে,গুলাবো চিটাবো,চে ৰা নৰসিম্হা ৰেড্ডী,ব্ৰহ্মাস্ত আৰু আঁখে ২ আদি ৷ ইফালে সম্প্ৰতি অমিতাভ বচ্চন ব্যস্ত আছে কৌন বনেগা কৌড় পতি অনুষ্ঠানত। বলীউডৰ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাহেব বটাঁ ঘোষণা হোৱাৰ পিছতেই সকলোৱে বি বিগ অভিনন্দন জ্ঞাপন কৰিছে ।

বলীউডৰ ছবি পৰিচালক,বিচাৰক, অনুষ্ঠান আঁত ধৰোতা কৰণ জোহৰে টুইটাৰ যোগে প্ৰকাশ কৰে যে ভাৰতীয় চিনেমাৰ এগৰাকী কিংবদন্তী অভিনেতা অমিতাভ বচ্চনে। তেওঁ এজন ৰকষ্টাৰ ৷ মই অমিতাভ বচ্চনৰ দৰে ছুপাৰষ্টাৰ যুগৰ অংশ হিচাপে গৌৰাম্বিত অনুভৱ কৰোঁ। বলীউডৰ আন এজন ষ্টাৰ অনিল কাপুৰে কয় যে ভাৰতীয় ছবি অমিতাভ বচ্চনৰ অবিহনে আধৰুৱা । তেওঁৰ প্ৰত্যেকটো ভূমিকাই ভাৰতীয় ছবিক আগুৱাই নিছে ৷গতিকে প্ৰত্যেকটো সন্মান আৰু প্ৰশংসাৰ কাৰণে অমিতাভ বচ্চন যোগ্য ৷ ছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে টুইটাৰ যোগে প্ৰকাশ কৰে যে দাদা চাহেব বটাঁৰ কাৰণে কিংবদন্তিক অশেষ শুভেচ্ছা৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com