জন্ম দিনত জানো আহক বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ বিষয়ে কেইটামান তথ্য

জন্ম দিনত জানো আহক বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ বিষয়ে কেইটামান তথ্য

আজি বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ ৭৭ বছৰীয়া জন্ম দিন ৷ ১৯৪২ চনৰ ১১ অক্টোবৰত জন্ম হৈছিল বলীউডৰ বিগ বি অমিতাভ বচ্চন। এই ৭৭ বছৰীয়া জন্ম দিনত জানো আহক অমিতাভ বচ্চনৰ বিষয়ে কেইটা নজনা কথা ৷যেতিয়া অমিতাভ বচ্চনে কলকাতাত কাম কৰিছিল তেতিয়া বলীউডৰ বিগ বি জনে আঠজন লোকৰ লগত একেলগে আছিল।

অমিতাভ বচ্চনৰ ওচৰত বি এম ডব্লিউ,মাৰ্চেডিজ সকলো আছে কিন্তু অমিতাভ বচ্চনে ২.৫ কোটি টকাৰ এখন বাহন লৈহে কৰ্মস্থলীলৈ যায় । অমিতাভ বচ্চনে জুহুৰ নিজ বাসভৱনৰ পৰা সিদ্ধিবিনায়ক মন্দিৰলৈ খোজ কাঢ়ি গণেশৰ আশীৰ্বাদ লয়। অমিতাভ বচ্চনক অল ইণ্ডিয়া ৰেডিঅ’ত হিন্দী আৰু ইংৰাজীৰ কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল৷

অমিতাভৰ অৰ্থ হৈছে পোহৰ কেতিয়াও মৃত্যু নহয়। অমিতাভ বচ্চনৰ ভাতৃ অজিতাভ বচ্চনে অমিতাভক বলীউডত প্ৰবেশ কৰিবলৈ প্ৰেৰণা দিয়ে। লগতে অজিতাভে পৰ্টফ’লিও তৈয়াৰ কৰে অমিতাভ বচ্চনে ৷অমিতাভ বচ্চনৰ ঘড়ী আৰু কলমৰ চৌখিনতা আছে। কলকাতাত থকা সময়ত অমিতাভ বচ্চনে বহু সুৰা পান কৰিছিল ।

ইয়াৰ পিছত সুৰা পান আৰু ধুমপান একেবাৰে এৰি দিয়ে অমিতাভ বচ্ছনে ৷উল্লেখ্য যে সম্প্ৰতি অমিতাভ বচ্ছনে৷সম্প্ৰতি চাহ আৰু কফি একেবাৰে পৰিত্যাগ কৰে ৷ অমিতাভ বচ্চনৰ খুব কম পৰিমানে খং উঠে ৷ তেওঁ কাহিনীৰ আধাৰত কেৱল খং কৰাৰ অভিনয় কৰে ৷ ইফালে সাম্প্ৰতিক সময়ত সকলোবোৰ ছ’চিয়েল মিডিয়াত ব্যস্ত থকাৰ সময়তে অমিতাভ বচ্ছনে মোবাইল আৰু লেপটপ ব্যৱহাৰ কৰি ভাল নাপাওঁ।

১৯৭৩ চনত জঞ্জীৰ সফলতাৰ পিছত জয়া আৰু অমিতাভ ভাবিছিল যে তেওঁলোক ফুৰিবলৈ যাব ৷কিন্তু অমিতাভৰ পিতৃয়ে কয় আগতে বিয়া পাতি লৈহে ফুৰিবলৈ যাব ৷ইয়াৰ পিছতে অমিতাভ আৰু জয়া বচ্চন বিবাহ পাশত আৱদ্ধ হয়। অমিতাভ বচ্চনে কলা আৰু বিজ্ঞান শাখাত মেজৰ লৈ শিক্ষা লাভ কৰিছিল ।অমিতাভ বচ্চনৰ প্ৰথম দৰমহা আছিল ৫০০ টকা ৷ ইয়াৰে ৩০০ টকা আছিল ঘৰৰ ভাৰা৷

উল্লেখ্য যে বলীউডৰ “বিগ বি”ক দাদা চাহেব ফাল্কে পুৰস্কাৰ দিয়াৰ সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰ যোগে কয় যে অমিতাভ বচ্চনে আমাৰ দুটা প্ৰজন্মক মনোৰঞ্জন আৰু প্ৰেৰণা যোগাই আহিছে ৷ তেওঁক সৰ্বসন্মতি ক্ৰমে দাদা চাহেব ফাল্কে বটাঁৰ কাৰনে বাছনি কৰা হৈছে। এই খবৰক লৈ সমগ্ৰ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সুখী । তেওঁলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ৷

ইফালে বলীউডৰ ছুপাৰষ্টাৰ তথা বিগ বি অমিতাভ বচ্চনে Angry Young Man পৰা পৰিৱৰ্তন হৈ শ্বাহেনশ্বাহৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷প্ৰায় পাঁচটা দশকত বলীউডৰ অভিনেতাগৰাকীয়ে ভাৰতীয় ছবি জগতলৈ যি অৱদান আগবঢ়াইছে সেয়া অতিকৈ উল্লেখ্যনীয়। অমিতাভ বচ্চনে ছবি জগতত পদাৰ্পণ কৰিছিল “সাত হিন্দুস্তানী” ছবিৰ জৰিয়তে ৷তাৰ পিছত আনন্দ ছবিত অভিনয় কৰে । ১৯৭৩ চনত প্ৰকাশ মেহৰাৰ জঞ্জিৰ ছবিত অভিনয় কৰে “বিগ বি”য়ে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Union Coal and Mines Minister Pralhad Joshi addresses media in Margherita

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com