মুক্তি পালে অক্ষয় কুমাৰৰ কমেডি ছবি হাউচফুল ৪: ট্ৰেইলৰ চাওক

মুক্তি পালে  অক্ষয় কুমাৰৰ কমেডি ছবি হাউচফুল ৪: ট্ৰেইলৰ চাওক

মুক্তি পালে অক্ষয় কুমাৰ কমেডী ছবি হাউচফুল ৪ ৰ ট্ৰেইলৰ ৷শুক্ৰবাৰে মুক্তি পোৱা হাউছফুল ৪ ৰ পৰিচালক ফাৰহাদড চমজি ৷ হাউচফুল ৪ পুনৰ জনমৰ কাহিনীৰ ওপৰত আধাৰিত ৷ ছবি খন দুটা পৃথক পৃথক সময়ক দেখুওৱা হৈছে। দীৱালীত মুক্তি পোৱা ছবিখনত অক্ষয় কুমাৰৰ ওপৰিও কৃতি চানন,ববী দেওল,ৰিতেশ দেশমুখ,পূজা হেগৰে,চাংকি পাণ্ডে আৰু বোমন ইৰাণীয়ে অভিনয় কৰিছে ।

প্ৰযোজক চাজিদ নাডিয়াৱালাৰ মন্তব্য অনুসৰি হাউচফুল ৪ বিগ বাজেটৰ ছবি। ছবিখনত ৭৫ কোটি টকা ব্যয় হৈছে ৷ ২০১০ চনত মুক্তি পোৱা হাউচ ফুল ফেন্সাইজীৰ হাউচফুল ৪ চতুৰ্থ নম্বৰৰ ছবি ৷ছবিখনৰ দুটা অংশ চাজিড নাডিৱালাই পৰিচালনা কৰিছিল ৷হাউচফুল ৩ ও চাজিদ ফৰহাদে পৰিচালনা কৰিছিল ৷ হাউচ ফুল ৪ ক চাজিদ খানে পৰিচালনা কৰিব বুলি খবৰ আহিছিল ৷ কিন্তু বিগত বছৰত মী টুত সাজিদ খানৰ নাম জৰিত হৈ পৰাত ফৰহাদ সমজীয়ে হাউচফুল ৪ ৰ দায়িত্ব লয়।

আনহাতে অক্ষয় কুমাৰৰ লগত হোৱা এটি সাক্ষাৎকাৰত অভিনেতা গৰাকীয়ে অভিনয় জীৱনৰ সাফল্যৰ কাৰণে সংবাদ মাধ্যম,অনুৰাগী সকলোকে ধন্যবাদ জ্ঞাপন কৰে । অভিনেতাগৰাকীৰ সদ্য চৰ্চিত ছবি মিশ্যন মংগল,হাউচফুল ৪,গুড নিউজ,সূৰ্যবংশী আৰু লক্মী বম্ব আদিৰ দৰে ছবিৰ জৰিয়তে বলীউডৰ ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে অক্ষয় কুমাৰ৷

https://www.youtube.com/watch?v=gcHH34cEl3Y

ইফালে সাক্ষাৎকাৰটোত অক্ষয় কুমাৰ কিয় অনতি পলমে বলীউডৰ ছবিৰ পৰা বিদায় লোৱা নাই ৷ লগতে বলীউডত লাভ কৰা ইমান সাফল্যৰ পিছতো কিয় হলীউডৰ ছবিত অভিনয় কৰিব বিচৰা নাই সেই সম্পৰ্কে প্ৰকাশ কৰে ৷ অক্ষয় কুমাৰৰ ছবিসমূহে কেৱল যে প্ৰেৰণা দিয়ে এনে নহয় ৷তেওঁৰ ছবিসমূহে সকলো অনুৰাগীকে মনোৰঞ্জন প্ৰদান কৰে ৷

এই সম্পৰ্কে অভিনেতা গৰাকীয়ে কয় যে মোৰ বেছিভাগ ছবি, যেনে ২০১৮ চনত মুক্তি পোৱা পেডমেন , ২০১৭ চনত মুক্তি পোৱা টয়লেট এক প্ৰেম কাথাঁ,মিশ্যন মংগল আদি ছবিসমূহ মহিলা সৱলীকৰণৰ ওপৰত আধাৰিত ৷কিন্তু মই হাউচফুল,ৰাওডী ৰাথোৰ আৰু গুড নিউজৰ দৰে ছবিও কৰিছোঁ ৷গতিকে এনে কোৱা কথা নাই ৷যেতিয়াই মই ভাল কাহিনী পাওঁ ৷তেতিয়াই মই অভিনয় কৰোঁ ৷ মই সকলো ধৰণৰ ছবি কৰিব বিচাৰোঁ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com