কছোটি জিন্দেগী কী ধাৰাবাহিকৰ পৰা বিদায় ল’লে কম’লিকাই:কিন্তু কোন হ’ব নতুন কম’লিকা?

কছোটি জিন্দেগী কী ধাৰাবাহিকৰ পৰা বিদায় ল’লে কম’লিকাই:কিন্তু কোন হ’ব নতুন কম’লিকা?

২০০৩ চনৰ ষ্টাৰ প্লাচৰ জনপ্ৰিয় ধাৰাবাহিক কহী তো হোগাৰ অভিনেত্ৰী আমনা শ্বৰিফে অভিনয় কৰিব কছোটি জিন্দেগী কী ৷ অভিনেত্ৰী আমনা শ্বৰিফে অভিনয় কৰিব কছোটি জীন্দেগী কী ধাৰাবাহিকৰ কমলিকাৰ চৰিত্ৰত ৷উল্লেখ্য যে সৰু পৰ্দাৰ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খানে কছোটি জিন্দেগী কী এৰাৰ পিছত বহু দিন কমলিকা চৰিত্ৰক স্মৰণ কৰিছিল দৰ্শকে৷ সম্প্ৰতি আমনাই ধাৰাবাহিকখনক অভিনয় কৰিব অনুৰাগীসকলক জনাইছে ।

আমনাই মন্তব্য কৰে যে নিজৰ ব্যক্তিগত জীৱনটো উপভোগ কৰিবৰ কাৰণে মোক অলপ সময় লাগিছিল ৷মই নিজৰ কাৰণে যিকোনো এটা লভ ষ্টৰীৰ জৰিয়তে আকৌ সৰু পৰ্দালৈ আহিম বুলি ভাবিছিলো। কিন্তু নিজৰ অনুৰাগীসকলক সদায় এটা চাৰপ্ৰাইজ দিয়াটো জৰুৰী ৷সেয়েহে কম’লিকা চৰিত্ৰটো যেতিয়া মোক অফাৰ হৈছিল তেতিয়া মোৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান পূৰ্ণ হৈ পৰিছিল ৷

আনহাতে একতা কাপুৰে হিনা খানৰ কছোটি জিন্দেগী কী ধাৰাবাহিকৰ কম’লিকাৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে ইনষ্ট্ৰাগ্ৰামত। ইফালে কছোটি জিন্দেগী কী ধাৰাবাহিকত অভিনয় কৰাৰ প্ৰাকমুহুৰ্তত এক থী নায়িকাত অভিনয় কৰিছে। আনহাতে কছোটি জিন্দেগী ধাৰাবাহিকত হিনা খান আছিল জনপ্ৰিয় চৰিত্ৰ ৷

২০০৯ চনৰ য়ে ৰিস্তা কিয়্যা কেহলাটা হ্যে নামৰ ধাৰাবাহিক খনৰ জৰিয়তে সৰু পৰ্দাত খোজ পেলাই হিনা খানে৷”অক্সৰা”নামেৰে সকলো অনুৰাগীৰ মাজত প্ৰসিদ্ধি লাভ কৰে হিনা খানে ৷ ১৯৮৬ চনৰ ২ অক্টোবৰত শ্ৰী নগৰ,জম্মু কাশ্মৰীত হিনা খানে জন্ম লাভ কৰে ৷ অভিনেত্ৰী গৰাকীয়ে দিল্লীৰ গুড়গাঁৱৰ চি চি এ স্কুল অফ মেনেজমেন্টৰ পৰা মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ শিক্ষা (এমবিএ) লয় ৷ হিনা খানে প্ৰথমতে এগৰাকী সাংবাদিক হোৱাৰ সপোন দেখিছিল ৷কিন্তু পঢ়া সম্পূৰ্ণ হোৱাৰ পিছত হিনায়ে এয়াৰ হোষ্টেছ পঢ়িবলৈ আবেদন কৰে ৷কিন্তু মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে এয়াৰ হোষ্টেছত এডমিশ্যন ল’ব নোৱাৰিলে ৷

ইয়াৰ পিছত সৌভাগ্যক্ৰমে হিনা খানে অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে ৷ ‘য়ে ৰিস্তা কিয়্যা কেহলাটা হ্যেত’ প্ৰায় ৪ বছৰ অভিনয় কৰাৰ পিছত অৰ্থাৎ ২০১৬ চনত ধাৰাবাহিক খন এৰি দিয়াৰ সিদ্ধান্ত লয় ।ইয়াৰ পিছত ষ্টাৰ প্লাছৰ ধাৰাবাহিক সপনা বাবুল কা বিদায়ী,চান্দ চুপা বাদল ম্যে,ৰ লগতে অন্যান্য অনুষ্ঠানত অতিথিৰ ভূমিকাত অভিনয় কৰে হিনা খানে । ইয়াৰোপৰি হিনা খানে খতৰো কা খিলাড়ীৰ চিজন ৮,কালাৰ্ছ চেনেলৰ বিগ বছ ১১ৰ শক্তিশালী প্ৰতিযোগী আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com