Begin typing your search above and press return to search.

আপুনি বনোৱা ৰুটি কেতিয়াবা জ্বলি পাইছেনে ? ৰুটি জ্বলোৱাৰ বাবেই ঘৰৰ পৰা বাহিৰ কৰিলে মহিলাক

আপুনি বনোৱা ৰুটি কেতিয়াবা জ্বলি পাইছেনে ? ৰুটি জ্বলোৱাৰ বাবেই ঘৰৰ পৰা বাহিৰ কৰিলে মহিলাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2019 12:54 PM GMT

আপুনি বনোৱা ৰুটি কেতিয়াবা জ্বলি পাইছেনে ? ৰুটি জ্বলোৱাৰ বাবেই ঘৰৰ পৰা বাহিৰ কৰিলে মহিলাক ।সংসদত তিনি তালাক আইন প্ৰত্যাহাৰ কৰাৰ পিছতো কোনো ধৰনৰ পৰিবৰ্তন হোৱা নাই তালাক প্ৰক্ৰিয়াৰ ক্ষেত্ৰত । দিনে দিনে বাঢ়ি আহিছে তিনি তালাক । তিনি তালাক সন্দৰ্ভত উত্তৰ প্ৰদেশৰ এক নতুন ঘটনা পোহৰলৈ আহিছে । তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে পত্নীক তালাক দি দুটা লৰা ছোৱালীৰ সতে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে । জানিব পৰা মতে ৰুটি বনোৱা সময়ত ৰুটি জ্বলা বাবে পত্নীৰ সতে লৰা ছোৱালীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে উত্তৰ প্ৰদেশৰ এজন ব্যক্তিয়ে ।

বান্দা জিলাৰ সেডু তলেয়াৰ নিৱাসী ইচৰাত কায়ানত নামৰ ৩০ বছৰীয়া মহিলা গৰাকীয়ে এই অভিযোগ উত্থাপন কৰে স্বামীৰ বিৰুদ্ধে । সোমবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষকক ঘটনা সম্পূৰ্কে অৱগত কৰাই পিড়ীত মহিলা গৰাকীয়ে । মহিলা গৰাকীয়ে তেওঁৰ তিনি বছৰীয়া ছোৱালী এগৰাকী আৰু ছয় বছৰীয়া ল'ৰা সন্তানৰ সৈতে আহি উপস্থিত হৈছিল । মহিলা গৰাকীয়ে আৰক্ষীক জনোৱা তিনি তালাকৰ কাৰনটোৱে সকলোকে আচৰিত কৰি তুলিছিল ।

মহিলা গৰাকীয়ে আৰক্ষীক অধীক্ষকক জনায় যে ১৪ চেপ্তেম্বৰ তাৰিখে মহিলা গৰাকীয়ে ৰান্ধনী শালত ৰুটি বনাই আছিল । ৰুটি বনাই থকা সময়ত ভুল বশত ৰুটি জ্বলিছিল। এই ৰুটি জ্বলাৰ বাবে খং কৰি তেওৰ ২ জন‌ পুত্ৰ সন্তান আৰু শহুৰেকে প্ৰথমতে মাৰ ধৰ কৰে আৰু তাৰপিছতেই মহিলা গৰাকীৰ স্বামীক মাতে। মাৰ ধৰ কৰাৰ পিছত তিনি তালাক দি ২ সন্তানৰ সৈতে বাহিৰ কৰি দিয়ে মহিলা গৰাকীক । মহিলা গৰাকীয়ে জানিব দিয়া মতে বৰ্তমান মহিলা গৰাকী কাশীৰাম কলনিৰ ভাড়াঘৰত আছে ।

এই ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক লাল ভাৰত কুমাৰ পালে মঙ্গলবাৰে কয় যে , এই ঘটনাটো সোমবাৰেয়ে আৰক্ষীৰ হাতলৈ আহিছিল । ইতিমধ্যে পিড়ীতৰ স্বামী আৰু আন অভিযুক্ত সকলক লৈ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে তিনি তালাক সংসদত প্ৰত্যাহাৰ হোৱাৰ পিছত সেই অঞ্চলৰ এইটো প্ৰথম ঘটনা । মহিলা গৰাকীক ন্যায় দিবৰ বাবে সকলো ধৰনৰ চেষ্টা কৰিব বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে , পিড়ীত মহিলা গৰাকী ২০০৮ চনত বিবাহ পাশত আবদ্ধ হৈছিল। গোচৰত মহিলা গৰাকীয়ে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে যৌতুক দাবীৰ অভিযোগো উত্থাপন কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: মোবাইল ফোন গাৰুৰ তলত ৰখাই হ’ল কাল , ফোন বিস্ফোৰণ হৈ মৃত্যু কিশোৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:2nd Day of Vanya Prani Saptah (Wildlife Week) observed at Kaziranga National Park

Next Story
চাকৰি