Begin typing your search above and press return to search.

দেশৰ বাবে শ্বহীদ হ'ল আন এজন বীৰ জোৱান: ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ

দেশৰ বাবে শ্বহীদ হল আন এজন বীৰ জোৱান: ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jun 2019 1:12 PM GMT

পুনৰ দেশ মাতৃৰ বাবে প্ৰান আহুতি দিলে আন এজন বীৰ জোৱানে । চি আৰ পি এফৰ ২০৯ নম্বৰ কোব্ৰা ৰেজিমেন্টৰ সুনীল কলিতা নামৰ এজন জোৱান শ্বহীদ হল ।বীৰ জোৱান নিৰোদ শৰ্মাৰ মৃত্যুত এতিয়া স্তব্ধ সমগ্ৰ ৰাজ্যবাসী।সকলোৱে একেমুখে ধিক্কাৰ দিছে সন্ত্ৰাসবাদীৰ ঘৃণনীয় কাম কাজক।

দেশৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিছে অসমৰ অন্য এজন বীৰ জোৱান সুনীল কলিতাই। ২৮ মে’ত ঝাৰখণ্ডত সংঘটিত হোৱা মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল অসমৰ বীৰ জোৱান জন।পিছত সংকটজনক অৱস্থাত দিল্লীৰ AIIMSত ভৰ্তি কৰা হৈছিল অসমৰ বীৰ জোৱান জনক। কিন্তু মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা সুনীল কলিতাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে।ঝাৰখণ্ডৰ চৰাইকিলা জিলাত সংঘটিত হোৱা এই আক্ৰমণত আহত হৈছিল দেশৰ ১৫জন CRPF জোৱান। আক্ৰমণত অসমৰ সুনীল কলিতাৰ লগতে আহত হৈছিল বকোৰ মিজানুৰ ৰহমান আৰু হোজাইৰ শম্ভূ মালা।

উল্লেখযোগ্য যে মাওবাদীৰ আক্ৰমণত মৃত্যু হোৱা বীৰ জোৱান সুনীল কলিতাৰ ঘৰ ৰঙিয়াৰ ডিমুত। যোৱা মাহত বিবাহ পাশত আৱদ্ধ হোৱা সুনীলৰ মৃত্যুত এতিয়া ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

বিশেষ বিমান যোগে নিশা ৮ বজাত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হব শ্বহীদ সুনীল কলিতাৰ নশ্বৰ দেহ । আজি শ্বহীদ গৰাকীৰ নশ্বৰ দেহ নাৰায়ানা হ'লত ৰাখিব আৰু কাইলৈ ৰঙিয়াৰ পালাৰাৰ নিজৰ বাসগৃহলৈ নিয়া হব । সুনীল কলিতাৰ বাসগৃহত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।

বুধবাৰে অনান্তনাগ জিলাত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল চি আৰ পি এফৰ জোৱান নিৰোদ শৰ্মা । সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণত দুজন বিষয়া সহ ৫ জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল এই আক্ৰমণত । শ্বহীদ হোৱা জোৱান সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে । নিৰোদ শৰ্মা আৰু ৰমেশ কুমাৰ আৰু কনচটেবল সতেন্দ্ৰ কুমাৰ, মহেশ কুশ্বৱাহা আৰু সঞ্জীৱ য়াদব শ্বহীদ আছিল ।উল্লেখযোগ্য যে, পুলোৱামাত ১৪ ফেব্ৰুৱাৰীত চি আৰ পি এফৰ গাড়ীত সন্ত্ৰাসবাদীয়ে আক্ৰমণত সংঘটিত কৰিছিল । যত শ্বহীদ হৈছিল ৪০ জনকৈ জোৱান ।এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে । ইয়াৰ পাছতে ভাৰত আৰু পাকিস্তান মাজত সম্পৰ্ক অধিক অবনতি ঘটে ।

অনান্তনাগ জিলাত সংঘটিত কৰা আক্ৰমণৰ দায়িত্ব আল ওমৰ মুজাহিদিনে স্বীকাৰ কৰিছে ।এই আক্ৰমণৰ ঘটনাত ৫ জন চি আৰ পি এফৰ জোৱান শ্বহীদ হোৱা লগতে ৩ জন গুৰুত্বৰ ভাৱে আহত হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শোকৰ বন্যা শ্বহীদ নিৰোদ শৰ্মাৰ গাঁৱতঃ মুখ্যমন্ত্ৰীৰ ঘোষণা ২০ লাখ টকা

Next Story
চাকৰি