মহিলা সৱলীকৰণৰ ওপৰত আধাৰিত থাপ্পড় ছবিঃ অনাগত বৰ্ষত আহিব ছবিগৃহলৈ

মহিলা সৱলীকৰণৰ ওপৰত আধাৰিত থাপ্পড় ছবিঃ  অনাগত বৰ্ষত আহিব ছবিগৃহলৈ

অনাগত বৰ্ষৰ মহিলা দিৱসৰ লগত সংগতি ৰাখি মুক্তি পাব ছবি থপ্পড় ৷ ছবিখন মহিলা সৱলীকৰণৰ ওপৰত আধাৰিত ৷ এই সন্দৰ্ভত পৰিচালক অনুভৱ সিন্হাই কয় যে , মই এই ছবিখনৰ সন্দৰ্ভত বিশেষ একো তথ্য দিব নোৱাৰিম ৷ মোৰ এই ছবিখনত মহিলা সৱলীকৰণৰ দৰে বিষয়ৰ ওপৰত আধাৰিত ৷

তাপসী পান্নুৱে থপড় ছবিখনত লীড চৰিত্ৰত অভিনয় কৰিছে ৷ মই তাপ্সীৰ লগত মুল্ক ছবিত কাম কৰিছোঁ ৷ পুনৰ মই এই ছবিখনত কাম কৰিব বিছাৰোঁ ৷ তাপ্সীৰ ওপৰিও আয়ুস্মান খুৰানাও ভাল লাগে যদিও থাপ্পড় ছবিত অভিনেতা নাই। কাৰণ থাপ্পড় ছবিত বেছিভাগ চৰিত্ৰ যুৱতীসকলৰ ৷ ইপালে তাপ্সী পান্নু সম্প্ৰতি ব্যস্ত আছে মিশ্যন মংগল ছবিৰ প্ৰমোশ্যনত।

জনপ্ৰিয় অভিনেত্ৰী সকলৰ অন্যতম তাপ্সী পান্নুৱে বলীউডত সামাজিক ছবিসমূহত অভিনয় কৰি এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে অভিনেত্ৰী তাপ্সী পান্নুৱে পিংক,নাম শ্বাৱানা আৰু মুল্কৰ দৰে ছবিত অভিনয় কৰি সাফল্য অৰ্জন কৰিছে ৷ এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কয় যে, এনেধৰণৰ ছবিসমূহৰ জৰিয়তে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ এনে ধৰণৰ ছবিসমূহত অভিনয় কৰিবলৈ পোৱাটো এক আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছে অভিনেত্ৰী তাপ্সী পান্নুৱে।

অৱশ্যে অভিনেত্ৰী তাপ্সী পান্নুৱে কয় যে,তাপ্সীয়ে ব্যতিক্ৰমী ছবিসমূহত অভিনয় কৰাৰ কাৰণেও যথেষ্ট উৎসুক ৷ দৰ্শকসকলে যাতে এনেধৰণৰ ছবিসমূহতেই তাপ্সীক আদৰি লোৱাৰ লগতে অন্যান্য ছবিসমূহতো আদৰি লয় তাৰ কাৰণেও সদা সচেতন অভিনেত্ৰী তাপ্সী ৷ অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে তাপ্সীয়ে সামাজিক মতাদৰ্শ থকা ছবিসমূহ অভিনয় কৰোঁতে উপলব্ধিৰ ভাবনা থাকে ৷তেতিয়া সুখী অনুভৱ কৰে ৷

ইফালে দৰ্শকসকলৰ অভিনয়ক আদৰি লোৱাৰ প্ৰসংগত অভিনেত্ৰী তাপ্সীয়ে পন্নুৱে কয় যে, কোনো এটা কাহিনী নিৰ্বাচন কৰিবলৈ যাওঁতে অভিনেত্ৰী গৰাকীয়ে সিদ্ধান্ত লোৱাট অসুবিধা হয় ৷কাৰণ দৰ্শকসকল মন পৰিৱৰ্তন হৈ থাকে ৷সেয়া সামাজিৰ ছবিয়েই হওঁক বা অন্যান্য ছবিয়েই হওঁক৷ পিংকৰ অভিনেত্ৰী তাপ্সী পান্নুৱে লগতে কয় যে অভিনয় কৰি ভাল পোৱা ছবিতহে নিৰ্বাচন কৰে তাপ্সী পান্নুৱে ৷ আৰু সমাজৰ বিভিন্ন স্তৰত লোকে যাতে ছবিসমূহ গৰ্বিত ভাৱে নিজৰ সন্তানক দেখুৱাব পাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com