Begin typing your search above and press return to search.

টুইংকল খান্নাৰ স্বামী তথা বলীউডৰ অভিনেতা অক্ষয় কুমাৰক উদ্দেশ্য কৰি এটি বিশেষ প’ষ্ট

টুইংকল খান্নাৰ স্বামী তথা বলীউডৰ অভিনেতা অক্ষয় কুমাৰক উদ্দেশ্য কৰি এটি বিশেষ প’ষ্ট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 1:35 PM GMT

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আৰু টুইংকল খান্নাৰ সম্প্ৰতি লণ্ডনত আজৰি সময় কটোৱাত ব্যস্ত ৷ তাৰ মাজত অক্ষয়ৰ পত্নী টুইংকলে ইনষ্ট্ৰাগ্ৰামত এটি ভিডিঅ’ শ্বেয়াৰ কৰি টুইংকলে লিখিছে যে ফৰ্বচ আলোচনীৰ স্থান পায়ো ক্ষান্ত হোৱা নাই অক্ষয় ৷ কিন্তু এনেকৈয়ে ওলমি আৰু অধিক উপাৰ্জন কৰিব বিচাৰে অক্ষয়ে।

https://twitter.com/mrsfunnybones/status/1151161559227490306

ইফালে টুইংকল খান্নাৰ এই ভিডিঅ’ তথা প’ষ্টটো সম্প্ৰতি চৰ্চিত হৈছে অনুৰাগীৰ মাজত ৷ইয়াৰ বিপৰীতে ভিডিঅ’টিত অন্য কোনো অক্ষয়ৰ পৰিয়ালৰ লোকক দেখা নাই ৷আনহাতে সকলো অনুৰাগীৰ মাজত অক্ষয় কুমাৰক ফিটনেট ল’ভাৰ হিছাপে জনা যায়। ইতিমধ্য চৰ্চিত হৈ থকা বটল কাপ চেলেঞ্জৰ ভাৰতত অক্ষয় কুমাৰ আৰম্ভ কৰিছিল ৷

https://www.instagram.com/p/BzcTHSpHHhq/

ইয়াৰ পিছত সমগ্ৰ দেশত বটল কাপ চেলেঞ্জ বিয়পি পৰিছিল সৰ্বত্ৰে। ইফালে মংগলবাৰে চৰ্চিত ছবি মিশ্যন মংগলৰ নতুন প’ষ্টাৰ মুকলি হয় ৷ মিশ্যন মংগলৰ প’ষ্টাৰ মুকলি কৰি অক্ষয় কুমাৰে লিখি যে "এটা কাহিনী,যিয়ে ভাৰতৰ মহাকাশ যানৰ পৰিভাষাক পৰিৱৰ্তন কৰিছে। মিশ্যন মংগলৰ ট্ৰেইলৰৰ কাৰণে সকলো সাজু হওঁক। এই ছবিখনত সোনাক্ষী সিন্হা,বিদ্যা বালান,কৃতি কুলহাৰী,তাপ্সী পান্নু,আদিয়ে অভিনয় কৰিছে। লগতে আছে শ্বৰমন জোশী ৷

https://www.instagram.com/p/Bz90jWUHPIX/

অন্যহাতে অক্ষয় কুমাৰ অসমৰ বানপীড়িত সকলক ২০০ কোটি টকা প্ৰদান কৰিছে ৷অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।বৰ্তমান অসমত প্ৰলয়ংকাৰী বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । ৰাজ্যৰ ৩৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে বানপানীৰ ফলত । ৰাজ্যৰ চৌদিশে কেৱল বানৰ তাণ্ডব ।

বানাক্ৰান্ত সকলক উদ্ধাৰ কৰিবলৈ বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াই । সমান্তৰালকৈ বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ২ কোটি প্ৰদান কৰিছে ।অক্ষয় কুমাৰ বিশ্বৰ সৰ্বোচ্চ পেইড চেলিব্ৰেটিৰ ফৰ্বচৰ তালিকাৰ অন্যতম । অক্ষয় কুমাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰা হৈছে । ইয়াৰ সম্পৰ্কে অক্ষয় কুমাৰে টুইটাৰত যোগে প্ৰকাশ কৰিছে ।

বিভিন্ন সময়ত বলীউডৰ অভিনেতা অক্ষয় কুমাৰে প্ৰয়োজন সাপেক্ষে প্ৰদান কৰা পৰিলক্ষিত হয় । উৰিষ্যাৰ ঘূৰ্ণি বতাহৰ সময়ত উৰিষ্যাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১ কোটি টকা প্ৰদান কৰিছিল । এনে উদাহৰণ আৰু বহুতো আছে।

টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

Next Story
চাকৰি