বটল কাপ চেলেঞ্জত একাকাৰ হলীউডৰ লগতে বলীউড: শ্বেয়াৰ কৰিলে ভিডিঅ’

বটল কাপ চেলেঞ্জত একাকাৰ হলীউডৰ লগতে বলীউড: শ্বেয়াৰ কৰিলে ভিডিঅ’

বলীউডৰ চেলীব্ৰেটীসকল সম্প্ৰতি ব্যস্ত আছে বটল কপ চেলেঞ্জত ৷অৰ্থাৎ বটলৰ সাঁফৰ খোলা প্ৰত্যাহ্বানত ৷কিন্তু আপুনি যদি ভাবিছে বটল কপ চেলেঞ্জ অতি সহজ কাম ৷তেন্তে আপুনি ভুল ভাবিছে ৷ কাৰণ বটল কপ চেলেঞ্জ হাতেৰে কৰিব নালাগে ৷বটল কপ চেলেঞ্জ কৰিব লাগিব এটা ৰাউণ্ড কিকৰ জৰিয়তে ,বটলটো নপৰাকৈ ৷ বটল কপ চেলেঞ্জকৰাত কেৱল যে বলীউডৰ পুৰষসকলেই আগবাঢ়ি থকা নাই ৷

শেহতীয়াৰ বলীউডৰ বহু মহিলা চেলীব্ৰেট্ৰীয়ে এই প্ৰত্যাহ্বান অতিক্ৰম কৰিছে ৷ কিন্তু সদ্যহতে চৰ্চা লাভ কৰি থকা কি এই বটল কাপ চেলেঞ্জ ? ইয়াৰ উৎস কি? তথ্য অনুসৰি বটল কপ চেলেঞ্জ আৰম্ভ হৈছে ২৫ জুনৰ পৰা ৷ আৰম্ভ কৰিছিল কাজাখাস্তানি টাইকায়াণ্ডু চেম্পিয়ন ফৰেবি ডাভলিটছিনে। আৰু তেতিয়াৰ পৰা ছ’চিয়াল মিডিয়াত বিয়পি পৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিল বটল কাপ চেলেঞ্জ ৷

https://www.instagram.com/p/BzI2JYKA--E/

চলিত বৰ্ষৰ ২৫ জুনত ফৰেবি ডাভলিটশ্বিনে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰত্যহ্বান স্বৰূপে এটি ভিডিঅ’ আগবঢ়াই ৷ ইয়াৰ পিছতেই সৰ্বত্ৰে বিয়পি পৰে বটল কাপ চেলেঞ্জ ৷ বটল কাপ চেলেঞ্জত এটা বটলৰ সাঁফৰৰ সৈতে এখন টেবুল বা কোনো বিশেষ ব্যক্তিয়ে ধৰি থাকে ৷ ইয়াৰ পিছতে বটল কাপ চেলেঞ্জ কৰিব বিছাৰ লোক জনে এটা ৰাউণ্ড কিকৰ জৰিয়তে বটলৰ সাফৰ খোলে ৷ আৰু বটল কাপ চেলেঞ্জ কৰা সময়খিনিক লাহে লাহে দেখুওৱা হয় যাতে সকলোৱে বুজি পায় ৷ হলীউডটো বটল কাপ চেলেঞ্জ দেখিবলৈ পোৱৰ গৈছে। হলীউডৰ গায়ক জন মেয়ৰ, ষ্টাৰ জেছন ষ্টাথামে কৰিছে বটল কপ চেলেঞ্জ।

https://www.instagram.com/p/BzTzqhZFbg6/

https://www.instagram.com/p/BzYT3WpBDfe/

https://www.instagram.com/p/BzcTHSpHHhq/

https://www.instagram.com/p/BzcjSBtHGTn/

https://www.instagram.com/p/Bze3q9InaIN/

https://www.instagram.com/p/BzfvZzXHv-M/

https://www.instagram.com/p/BzgaBBUBqWr/

অন্যহাতে, বটল কাপ চেলেঞ্জত পিছ পৰি ৰোৱা নাই টলীউড আৰু বলীউডত ৷বলীউডৰ সকলো অভিনেতা অভিনেত্ৰী এই প্ৰত্যাহ্বানক অতিক্ৰম কৰিছে ৷ তাৰ ভিতৰত অক্ষয় কুমাৰ,টাইগাৰ শ্ৰফ, সুস্মিতা সেন আদিয়ে কৰিছে বটল কপ চেলেঞ্জ ৷লগতে টাইগাৰ শ্ৰফে চকুত কাপোৰ বান্ধি বটল কপ চেলেঞ্জ কৰাৰ বিপৰীতে বিদ্যুৎ জামুৱেলে একেলগে তিনিটা বটলৰ সাঁফৰ এটা কিকতে খুলিবলৈ সক্ষম হৈছে ৷

https://www.instagram.com/p/Bzf9AuAHFkS/

ইফালে যি সময়ত বটল কাপ চেলেঞ্জে সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে সেই সময়ত কমেডিয়ান সুনীল গ্ৰ’ভেৰৰ এটি বটল কপ চেলেঞ্জৰ ভিডিঅ’ই চৰ্চা লাভ কৰিছে ৷ দৰাচলতে বটল কপ চেলেঞ্জত এটি ৰাউণ্ড কিকৰ জৰিয়তে বটলটো নপৰাকৈ তাৰ সাঁফৰখন খুলিব লাগে ৷ কিন্ত সুনীল গ্ৰ’ভাৰে হাতেৰেই বটলৰ সাঁফৰ খুলি ইনষ্টাগ্ৰাম কেপশ্যনত লিখে যে মই যে হাতেৰে খুলিলো ৷ সম্প্ৰতি সুনীল গ্ৰ’ভাৰৰ এই ভিডিঅ’টিক আদৰি লৈছে তেওঁৰ অনুৰাগীসকলে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com