তিনিচুকীয়াত অনুভৱৰ জলঙাইদি উন্মোচন

তিনিচুকীয়াত অনুভৱৰ জলঙাইদি উন্মোচন

তিনিচুকীয়াত জিলাৰ ৰ’টাৰী ক্লাবৰ প্ৰেক্ষাগৃহত বিমল বৰগোহাঞিৰ অনুভৱৰ জলঙাই দি নামৰ এখন গ্ৰন্থৰ উন্মোচন কৰা হয়। এই উন্মোচন অনুষ্ঠানত গ্ৰন্থ প্ৰেমী,পাঠক,শিক্ষাবিদ আৰু আলোচকসকল উপস্থিত থাকে ৷এই অনুষ্ঠানত ডিগবৈৰ প্ৰসিদ্ধ সাহিত্যকাৰ,শিক্ষাবিদ আৰু ব্যংগ লেখক পুন্য শইকীয়াই গ্ৰন্থ খনৰ উন্মোচন কৰি কয় যে বৰগোহাঞিয়ে গ্ৰন্থ খনত জীৱনৰ সংঘৰ্ষৰ তথ্য প্ৰকাশ কৰিছে ৷ তেওঁৰ লিখনি কিছুমান স্থানীয় কাকতত প্ৰকাশ হৈছে ৷

লগতে গ্ৰন্থ অধ্যয়নৰ কথা প্ৰকাশ কৰি কয় যে গ্ৰন্থই মানুহক সভ্য হোৱাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷ আনহাতে অনুভৱৰ জলঙাই দি গ্ৰন্থ খন তিনিচুকীয়াৰ কুহী প্ৰকাশনৰ মিতালী বৰগোহাঞিৰ দ্বাৰা প্ৰকাশিত ৷ অনুষ্ঠানটিত শিক্ষাবিদ পূৰ্ণ্য প্ৰভা মোহন আৰু অন্য লোকসকল উপস্থিত আছিল ৷ লগতে বিমল বৰগোহাঁঞিয়ে মাতৃৰ দ্বাৰা প্ৰেৰিত হোৱা বুলি মন্তব্য কৰে ৷ তিনিচুকীয়াই ডিচিৰ কাৰ্যালয়ত কৰ্মৰত বিমল বৰগোহাঞি। আৰু কলেজ দিনৰ পৰা লিখি অহা বিমল বৰগোহাঞি এই গ্ৰন্থখনিক পাঠকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com