Begin typing your search above and press return to search.

এন আৰ এল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

এন আৰ এল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Oct 2019 10:36 AM GMT

এন আৰ এল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ।এন আৰ এল ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। কেন্দ্ৰীয় চৰকাৰে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত কৰন কৰাৰ বিৰোধিতা কৰি যোৱা বুধবাৰে প্ৰদেশ কংগ্ৰেছে গোলাঘাট জিলাৰ নুমলীগড়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদ কাৰী সকলে ব্যক্তিগত কৰণ প্ৰস্তাৱ তৎকালে প্ৰত্যাহাৰ কৰাৰ দাবীত এক ঘন্টাৰো অধিক সময় ৩৭ নং ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ।

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ , অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা,বিধায়নী দলৰ সভাপতি দেৱব্ৰত শইকীয়া , উপ দলপতি ৰকিবুল‌ হুচেইন , বিধায়ক ৰূপজ্যোতি কুৰ্মী , ৰেকিবুদ্দিন আহমেদ ,‌কমলাক্ষ দে পুৰকায়স্থ , অজন্তা নেওগ‌,ৰ'জলীনা তুৰ্কী , সাংসদ গৌৰৱ গগৈ , প্ৰদ্যুৎ বৰদলৈ‌, প্ৰাক্তন সাংসদ সুস্মিতা দেৱ , প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী , বিস্মিতা গগৈ, অৰুন ফুকনকে ধৰি কংগ্ৰেছৰ বহুতো নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পি এছ ইউৰ লগতে এন‌ আৰ এল ব্যক্তিগত কৰন কৰাৰ বিৰোধিতা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত এই কোম্পানী সমূহ স্থাপন কৰা হৈছিল , কিন্তু বিজেপি চৰকাৰৰ‌ দিনত এই সমূহ এটাৰ পিছত এটাকৈ বিক্ৰী কৰাৰ চেষ্টা চলাইছে । তেওঁ কয় যে কংগ্ৰেছৰ দিনত স্থাপন হোৱা কাগজ কলো বিজেপি চৰকাৰৰ দিনত বন্ধ কৰা বুলি বিজেপি চৰকাৰ খনক তীব্ৰ সমালোচনা কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে তেওঁলোকে এন আৰ এল ব্যক্তিগত কৰণ কৰা সিদ্ধান্তক কেতিয়াও মানি নলয় আৰু ইয়াৰ বিৰোধিতা কৰি যাম বুলিও দোহাৰে।

এই কাৰ্যসূচী দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলে । প্ৰতিবাদকাৰী সকলে ৩৭ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী নুমলীগড় তিনি আলি বন্ধ কৰি দিয়াৰ ফলত বহু হেজাৰ গাড়ী মটৰ আৱদ্ধ হৈ পৰে। পিছত আৰক্ষীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে আন কংগ্ৰেছ নেতা কৰ্মী সকলক আটক কৰি প্ৰতিবাদকাৰী সকলক আঁতৰাই নিয়ে। পাছত প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে মুকলি কৰি দিয়ে।

অন্য খবৰৰ বাবে পঢ়ক: আজিৰে পৰা আৰম্ভ হ’ব তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

ভিডিঅ প্ৰতক্ষ্য কৰক : 144th Birth Anniversary of Sardar Vallabhbhai Patel observed in South Salmara

Next Story
চাকৰি