Begin typing your search above and press return to search.

বিশ্বনাথৰ বিদুৎ বিভাগ কৰ্মচাৰীৰ মৃত্যু পিছত নিলম্বন শক্তি বিভাগৰ অভিযন্তাক

বিশ্বনাথৰ বিদুৎ বিভাগ কৰ্মচাৰীৰ মৃত্যু পিছত নিলম্বন শক্তি বিভাগৰ অভিযন্তাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 1:08 PM GMT

বিশ্বনাথত বিদুৎ বিভাগৰ চুৰান্ত গাফিলতিৰ বাবে জীবন্তে জ্বলি জ্বলি চাই হৈছিল এজন অস্থায়ী কৰ্মী । বিদ্যুতৰ খুঁটাৰ ওপৰতে জ্বলি গৈছিল ৰবীন দাস নামৰ কৰ্মচাৰীজন। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ, প্ৰতিবাদমুখৰ হৈ উঠিছিল বিশ্বনাথ।

আজি উক্ত ঘটনা সন্দৰ্ভত বিভাগটোৰ এজন অভিযন্তাক নিলম্বন কৰা হৈছে। ফীডাৰ মেইনটেনেঞ্চ ইঞ্জিনিয়াৰ সঞ্জয় ভূঞাক নিলম্বন কৰে বিভাগটোৱে। কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে সঞ্জয় ভূঞাক। সঞ্জয় ভূঞাৰ গাফিলতিৰ বাবেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। নিলম্বন কৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালকে।

এই ঘটনাৰ পিছতে APDCL–এ নিহত ৰবীন দাসৰ পত্নীক চাকৰিৰ লগতে ২.৫ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য বুধবাৰেও এই ঘটনাৰ পিছত নিলম্বন কৰা হৈছিল দুই কৰ্মচাৰীক।

বিশ্বনাথত সংঘটিত বিদ্যুস্পৃষ্ট হৈ মৃত্যু হোৱা ৰবিন দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গৰিহনা দিছে ৷ৰাজ্যৰ বিদ্যুৎ বিভাগক এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ কাৰণে সকিয়াঁই দিয়ে|

বিদ্যুৎ বিভাগ আৰু জিলা প্ৰশাসনক এই ঘটনাক তদন্ত কৰিবলৈ আহ্বান কৰে । লগতে ৰবীন দাসৰ পৰিয়ালক প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু ৰবীন দাসৰ আত্মাৰ সদগতি কামনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ইফালে ৰবীন দাসৰ পৰিয়ালৰ কাৰণে দুই লাখ টকাৰ ঘোষণা কৰে।

বুধবাৰে পুৱা বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত থকা ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰত হোৱা কিছু বিসংগতি মেৰামতিৰ বাবে উপ সংমণ্ডলটোৰ কেইবাজনো কৰ্মচাৰী আহিছিল। ৰবিন দাস নামৰ অস্থায়ী কৰ্মচাৰী জন এডাল জখলাৰে বিদ্যুতৰ খুটাৰ ওপৰলৈ উঠি গৈ বিসংগতিটো মেৰামতি কৰে আৰু তললৈ নামি আহে।

ইয়াৰ পিছতে আন এজন কৰ্মচাৰীয়ে উপ সংমণ্ডলটোৰ নিয়ন্ত্ৰ্ন কক্ষলৈ ফোন কৰি বিদ্যুৎ দিবলৈ কয়। কিন্তু বিদ্যুৎ দিয়াৰ পিছত পুণৰ বিসংগতিয়ে দেখা দিয়ে। পুণৰ বিসংগতি ভাল কৰিবলৈ বিদ্যুত কৰ্তন কৰিবলৈ কৈ ৰবিনক পুণৰ খুটাৰ ওপৰত উঠিবলৈ কয় আৰু মেৰামতি কৰি থকাৰ সময়তে কৰ্মচাৰ কেইজন নিজৰ মাজতে কথাত মছগুল হৈ পৰাৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হয় ।

ৰবিন দাস বিদ্যুতৰ খুটাৰ ওপৰলৈ গৈ মেৰামতিৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰত হাত দিয়ে তেতিয়াই এই শোকাৱহ ঘটনাতো সংঘটিত হয়। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ৰবিনৰ দেহৰ আধা অংশ ওপৰতেই জলি যায় আৰু পিছত ডিঙি ছিঙি তললৈ সৰি পৰে। লগে লগে হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় আৰু বিদ্যুৎ বিভাগৰ বাকী সকল কৰ্মচাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে।এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ, প্ৰতিবাদমুখৰ হৈ উঠিছিল বিশ্বনাথ।

অন্য খবৰৰ বাবে পঢ়ক:বিশ্বনাথত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যুক সদবেদনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Next Story
চাকৰি