Begin typing your search above and press return to search.

বিশ্বনাথত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যুক সদবেদনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

বিশ্বনাথত  বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যুক সদবেদনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 9:56 AM GMT

বিশ্বনাথত সংঘটিত বিদ্যুস্পৃষ্ট হৈ মৃত্যু হোৱা ৰবিন দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গৰিহনা দিছে ৷ আৰু ৰাজ্যৰ বিদ্যুৎ বিভাগক এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ কাৰণে সকিয়াঁই দিয়ে আজি বিয়লি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰবিন দাসৰ মৃত্যুত দুখ ব্যক্ত কৰে ৷

আৰু বিদ্যুৎ বিভাগ আৰু জিলা প্ৰশাসনক এই ঘটনাক তদন্ত কৰিবলৈ আহ্বান কৰে । লগতে ৰবীন দাসৰ পৰিয়ালক প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু ৰবীন দাসৰ আত্মাৰ সদগতি কামনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ইফালে ৰবীন দাসৰ পৰিয়ালৰ কাৰণে দুই লাখ টকাৰ ঘোষণা কৰে।

উল্লেখ্য যে,বুধবাৰে পুৱা বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত থকা ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰত হোৱা কিছু বিসংগতি মেৰামতিৰ বাবে উপ সংমণ্ডলটোৰ কেইবাজনো কৰ্মচাৰী আহিছিল। ৰবিন দাস নামৰ অস্থায়ী কৰ্মচাৰী জন এডাল জখলাৰে বিদ্যুতৰ খুটাৰ ওপৰলৈ উঠি গৈ বিসংগতিটো মেৰামতি কৰে আৰু তললৈ নামি আহে।

ইয়াৰ পিছতে আন এজন কৰ্মচাৰীয়ে উপ সংমণ্ডলটোৰ নিয়ন্ত্ৰ্ন কক্ষলৈ ফোন কৰি বিদ্যুৎ দিবলৈ কয়। কিন্তু বিদ্যুৎ দিয়াৰ পিছত পুণৰ বিসংগতিয়ে দেখা দিয়ে। পুণৰ বিসংগতি ভাল কৰিবলৈ বিদ্যুত কৰ্তন কৰিবলৈ কৈ ৰবিনক পুণৰ খুটাৰ ওপৰত উঠিবলৈ কয় আৰু মেৰামতি কৰি থকাৰ সময়তে কৰ্মচাৰ কেইজন নিজৰ মাজতে কথাত মছগুল হৈ পৰাৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হয় ।

ৰবিন দাস বিদ্যুতৰ খুটাৰ ওপৰলৈ গৈ মেৰামতিৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰত হাত দিয়ে তেতিয়াই এই শোকাৱহ ঘটনাতো সংঘটিত হয়। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ৰবিনৰ দেহৰ আধা অংশ ওপৰতেই জলি যায় আৰু পিছত ডিঙি ছিঙি তললৈ সৰি পৰে। লগে লগে হুৱাদুৱা পৰিবেশৰ সৃষ্ট হয় আৰু বিদ্যুৎ বিভাগৰ বাকী সকল কৰ্মচাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

উল্লেখ্য যে সঞ্জয় ভূঞা নামৰ ফিডাৰ মেইনটেইনেঞ্চ ইঞ্জিনীয়াৰ জনৰ চৰম গাফিলতিৰ বাবেই এই সমস্ত ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে। একাংশ স্থায়ী কৰ্মচাৰীয়ে নিজে কাম নকৰাকৈ অস্থায়ী কৰ্মচাৰীক কামত কৰোৱাৰ অভিযোগ উঠিছে ৷

আনহাতে স্হানীয় ৰাইজে বিশ্বনাথৰ বিদ্যুৎ উপ সংমণ্ডলটো ঘেৰাও কৰি পৰিস্হিতি উত্তপ্ত কৰি তোলে। ৰাইজৰ উগ্ৰমুৰ্তি দেখি কাৰ্যালয়টোৰ পৰা সকলো কৰ্মচাৰী পলায়ন কৰিছে। নিহত ৰবীনৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতিপুৰন আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ দাবী তুলিছে ৰাইজে ৷ বিশ্বনাথৰ বিধায়ক আৰু আৰক্ষী অধিক্ষক গৰাকীয়েও সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ কথা উল্লেখ কৰিছ|

অন্য খবৰৰ বাবে পঢ়ক: প্ৰকৃত তথ্যৰ বাবে জনসাধাৰণে তথ্য জনাৰ অধিকাৰ আইন ব্যৱহাৰ কৰিব লাগে: সৰ্বানন্দ সোনোৱাল

Next Story
চাকৰি