Begin typing your search above and press return to search.

প্ৰকৃত তথ্যৰ বাবে জনসাধাৰণে তথ্য জনাৰ অধিকাৰ আইন ব্যৱহাৰ কৰিব লাগে: সৰ্বানন্দ সোনোৱাল

প্ৰকৃত তথ্যৰ বাবে জনসাধাৰণে তথ্য জনাৰ অধিকাৰ আইন ব্যৱহাৰ কৰিব লাগে: সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 8:47 AM GMT

তথ্য জনাৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰ মৌলিক অধিকাৰ । প্ৰকৃত তথ্যৰ বাবে জনসাধাৰণে তথ্য জনাৰ অধিকাৰ আইন ব্যৱহাৰ কৰিব লাগে বুলি প্ৰ্কাশ কৰে সৰ্বানন্দ সোনোৱালে| এই অধিকাৰে প্ৰশাসনক নিকা কৰি তুলিব পাৰে আৰু প্ৰকৃত অৰ্থত এই অধিকাৰ ব্যৱহাৰ কৰি জনসাধাৰণে সংবিধানৰ যোগেদি দিয়া সুবিধা সমূহ গ্ৰহণ কৰিব পাৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। বুধবাৰে পাঞ্জাবাৰীত অসম তথ্য আয়োগৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই কথা প্ৰকাশ কৰে।

সমাজ আৰু ব্যক্তিৰ বাবে তথ্য জনাৰ অধিকাৰ আইনে সুৰক্ষা কৱচ হিচাপে পৰিচালিত কৰে । প্ৰকৃত অৰ্থত তথ্য জনাৰ অধিকাৰ ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জনসাধাৰণক আহ্বান জনাই যে , দেশৰ গনতান্ত্ৰীক অধিকাৰ হিচাপে জনসাধাৰণে তথ্য জনাৰ অধিকাৰ ব্যৱহাৰ কৰিব পাৰে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সতৰ্ক কৰি দিয়ে যে , এই অধিকাৰৰ অপব্যৱহাৰে সমাজত ব্যাপক প্ৰভাৱ পেলাই আৰু সেইবাবে তথ্য জনাৰ অধিকাৰ আইনে প্ৰকৃত ভাবে ব্যৱহাৰ কৰিব লাগে ।

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে যে, "তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি যুব প্ৰজন্ময়ে ভাৰতৰ গনতান্ত্ৰ শক্তিশালী কৰিবলৈ দায়িত্ব গ্ৰহণ কৰিব লাগে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে জনসাধাৰণৰ মাজত তথ্য জনাৰ অধিকাৰ অধিকাৰৰ ইতিবাচক প্ৰভাৱৰ কথা জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে । লগতে সৰ্বানন্দ সোনোৱাল আহ্বান জনাই যে , অসম তথ্য আয়োগে তৃণমূল পৰ্যায়ত এই অধিকাৰ সঠিক ব্যবহাৰৰ বাৰ্তা গ্ৰহণ কৰে ।

দেশৰ ভিতৰত অসম হৈছে ৭ নম্বৰ ৰাজ্য , যি খন ৰাজ্যত তথ্য আয়োগ কাৰ্যালয় স্থাপন কৰা হব । তথ্য আয়োগ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আশা প্ৰকাশ কৰে যে, এই কাৰ্যালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি সমাজ খন পৰিবৰ্তন কৰিব পাৰি বুলি প্ৰকাশ কৰে ।

অসমৰ মুখ্য সচিব আলোক কুমাৰ, তথ্য আয়োগৰ ৰাজ্যিক সচিব হিমাংশু চেখৰ দাস, তথ্য আয়োগৰ প্ৰাক্তন সচিব ৰঞ্জিত কুমাৰ মুছাহাৰিয়ে এই অনুষ্ঠানত ভাষন প্ৰদান কৰে । ৰাজ্যিক তথ্য আয়োগৰ সচিব পিনুৱেল বসুমতাৰী আৰু নিলুফাৰ আলম হাজৰিকাও এই অনুষ্ঠানত উপস্থিত থাকে ।

অন্য খবৰৰ বাবে পঢ়ক :মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সম্পৰ্ক যাত্ৰাৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে

Next Story