Begin typing your search above and press return to search.

অসমৰ লগতে নেপালী চলচ্চিত্ৰ উদ্যোগত জাগৰণ সৃষ্টিৰ কাৰণে সাজু আপ্পা

অসমৰ লগতে নেপালী চলচ্চিত্ৰ উদ্যোগত জাগৰণ সৃষ্টিৰ কাৰণে সাজু আপ্পা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2019 11:31 AM GMT

অসমৰ গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া,গোলাঘাট, ডিব্ৰুগড়, মেঘালয়ৰ শ্বিলং, বৰ্ণিহাট আৰু নাগালেণ্ডৰ ডিমাপুৰৰ লগতে দেশৰ ২৫ খন চহৰত মুক্তি পাব নেপালৰ দয়া হাঙ ৰাই অভিনীত নেপালী চলচিত্ৰ আপ্পাই।আপ্পাৰ নিৰ্মাতাসকলৰ মত বিনিময়েৰে অনুষ্ঠানৰ আঁত ধৰি ভাৰতীয় গোৰ্খা পৰিসংঘ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নন্দ কিৰাতীয়ে কয় যে ইংৰাজী চাবটাইটেল থকা নেপালী ভাষাৰ এইখনেই হ’ল প্ৰথমখন চলচ্চিত্ৰ ৷ যিখন অসম,মেঘালয়কে ধৰি দেশৰ ২৫ খন চহৰত মুক্তি পাব ৷

মহানগৰীৰ পল্টনবজাৰৰ হোটেল অতিথিত সংবাদমেল সম্বোধন কৰি ছবিখনৰ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে নেপালী চলচিত্ৰৰ তাৰকা দয়া হাং ৰাই। অহা ২৮ জুনত নেপালত মুকলি হ'ব আপ্পা ৷ নেপালী চলচ্চিত্ৰ উদ্যোগত জাগৰণ সৃষ্টিৰ বাবে সাজু হোৱা আপ্পা চলচ্চিত্ৰখনৰ লেখক আৰু নিৰ্দেশক হ'ল আনমুল গুৰুঙ ৷ আৰু প্ৰযোজক হ'ল ৰুদেন ছাদা লেপচা।

ইফালে দয়া হাং ৰাইৰ লগতে চলচিত্ৰখনত অভিনয় কৰিব নেপালী অভিনেতা আৰু চলচিত্ৰ নিৰ্মাতা অৰুণা কার্কী, সিদ্ধান্ত ৰাজ তামাং, আলোনা কাব লেপচাই।গুৱাহাটীত উপস্থিত হৈ আহি নেপালৰ অভিনেতাগৰাকীয়ে কয় "অসমবাসীৰ লগতে গৰমেও মোক গুৱাহাটীলৈ আদৰণি জনাইছে। গুৱাহাটীলৈ এয়া মোৰ প্ৰথম ভ্ৰমণ আৰু ইয়াৰ প্ৰাকৃতিক পৰিবেশে মোক অতি আনন্দিত কৰিছে ৷ অসমৰ খাদ্য মোৰ বহুত প্ৰিয়। ভাৰতৰ চিনেমাত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছো ।

মূলতঃ কাহিনীটোৰ দ্বাৰাই মই প্ৰথমতে চিনেমাখনত অভিনয় কৰিবলৈ আগ্ৰহী হ'লো।"আপ্পা ছবিৰ শ্বুটিঙ দাৰ্জিলিঙৰ ঐতিহাসিক ঘূম ৰেলৱে ষ্টেচনৰ লগতে চান্দাকপো আৰু কালিমপঙত হৈছিল বুলি চলচ্চিত্ৰখনৰ নিৰ্দেশকে জানিবলৈ দিয়ে। ইয়াৰোপৰি সংবাদমেলখনত উপস্থিত থাকি বিৰাজ ধীতাল শৰ্মাই কয় "আপ্পাৰ অৰ্থ হৈছে দেউতা। অসম তথা উত্তৰ পূৱত প্ৰায় ৩০ লাখ নেপালী জনসংখ্যা আছে। তেওঁলোকক উদ্দেশ্য কৰি অসম তথা উত্তৰপূবত আপ্পাৰ মুক্তিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

ইফালে আপ্পাৰ কাহিনীৰ সন্দৰ্ভত নিৰ্দেশক আনমোল গুৰুঙে কয় যে এই ছবিখনৰ মূল বিষয়টো হ’ল যে এজন পিতৃ আৰু তেওঁৰ পুত্ৰৰ মাজৰ সম্পৰ্কটোক সমাজে চোৱা ধৰণে নাচাই পৰিৱৰ্তিত সময়ৰ লগত মিলাই চাবলৈ প্ৰসায় কৰা হৈছে ৷ গতিকে অদূৰ ভৱিষ্যতে তেওঁলোকে ছবি নিৰ্মাণ কৰিব বুলি মন্তব্য কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : অনতি পলমে কৰণ জোহৰৰ ছবিত পদাৰ্পন ৰাজকুমাৰ ৰাও: উৎসুক চলচ্চিত্ৰ প্ৰেমী

Next Story
চাকৰি