Begin typing your search above and press return to search.

এপ'লৰ ঘড়ীৰ বৈশিষ্ট্যই প্ৰান ৰক্ষা কৰিলে এজনৰ

এপলৰ ঘড়ীৰ বৈশিষ্ট্যই  প্ৰান ৰক্ষা কৰিলে এজনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2019 12:12 PM GMT

এপ'লৰ ঘড়ীৰ বৈশিষ্ট্যই প্ৰান ৰক্ষা কৰিলে এজনৰ । এজন পৰ্বতাৰোহী বাইকাৰৰ প্ৰান কথমপি ৰক্ষা পৰে এক দুৰ্ঘটনাৰ পৰা । জীৱন ৰক্ষাৰ শ্ৰেয় তেওঁৰ পুত্ৰই এপেল ঘড়ীক দিয়ে । ফেচবুকৰ এটা পোষ্ট অধিক জনপ্ৰিয় হয় ছ’চিয়েল মিডিয়াত । ফেচবুকত প্ৰচাৰ হোৱা পোষ্ট অনুসৰি ওৱাচিংটনৰ বাসিন্দা এজন বাইক আৰোহী দুৰ্ঘটনাত পতিত হৈছিল আৰু এপেল ঘড়ীয়ে জৰুৰীকালীন সেৱাক ঘটনা সম্পূৰ্কে অবগত কৰায়।এই পোষ্টটো ২০ চেপ্তেম্বৰ তাৰিখে ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

গেব বাৰডট নামৰ লোক জনে ফেচবুকৰ জৰিয়তে কেনেকৈ তেওঁৰ পিতৃৰ জীৱন এপল ঘড়ীৰ ফলত ৰক্ষা পৰিছে তাৰ বিষয়ে ব্যক্ত কৰিছে । বাৰডেটে ফেচবুকৰ জৰিয়তে জনাইছে যে তেওঁৰ পিতৃ বব এ বাইক লৈ কোনোবা মানুহক লগ কৰিব গৈছিল আৰু আধা ৰাস্তাতে তেওঁৰ পিতৃ দুৰ্ঘটনাত পতিত হয় । কিন্তু তেওঁৰ পিতৃৰ লগত থকা এপেল ঘড়ীৰ পৰা এটা বাৰ্তা লাভ কৰিছিল লগতে দুৰ্ঘটনা সংঘটিত হোৱা ঠাই খিনিৰ অৱস্থিত প্ৰেৰণ কৰিছিল ।এপল ঘড়ীয়ে প্ৰেৰণ কৰা বাৰ্তাটোত আছিল "' Detected a hard fall " । এপল ঘড়ীটোত থকা এই বিশেষ বৈশিষ্টৰ ফলত তাৎক্ষণিক সেৱাক ঘটনা সম্পূৰ্কে অবগত কৰে ।

যেতিয়া বাৰডেটে সেই ঠাই গৈ পাইছিল তেতিয়া তেওঁৰ পিতৃ সেই ঠাইত নাছিল আৰু তাৰ পিছতেই ববৰ সলনি হোৱা অৱস্থিতি প্ৰেৰণ কৰিছিল এপেল ঘড়ীয়ে ।লগতে বাৰডটে উল্লেখ কৰা মতে এপল ঘড়ীয়ে ৯১১ জৰুৰীকালীন নম্বৰত বাৰ্তা প্ৰেৰণ কৰাৰ ফলত ১ ঘন্টাৰ ভিতৰত ববে চিকিৎসা লাভ কৰিছিল ।লগতে বাৰডটে সকলোকে হাৰ্ট ফল ডিটেকচন Hard fall detection ) বৈশিষ্ট্য যুক্ত ডিভাইচ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ফেচবুকৰ পোষ্ট ৰ জৰিয়তে ।

অধিক খবৰৰ বাবে পঢ়ক: দৈনিক ১.৫ লিটাৰ কফি সেৱন কৰা এটি বিশেষ শিশু:কি মন্তব্য চিকিৎসকৰ?

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP observed ‘Janajagaran Sabha’ in Duliajan | The Sentinel News | Assam News

Next Story
চাকৰি