Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব এপিডব্লিউ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব এপিডব্লিউ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2019 9:54 AM GMT

শনিবাৰে প্ৰকাশ পোৱা চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছাম পাব্লিক ৱকৰ্ছৰ সভাপতি অভিজিৎ শৰ্মাই ৷এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছাম পাব্লিক ৱকাৰ্ছৰ সভাপতি অভিজিৎ শৰ্মাই অসন্তোষ ব্যক্ত কৰি কয় যে এইখন ত্ৰুটিপূৰ্ণ নাগৰিক পঞ্জী ।সংবাদ মাধ্যমৰ সন্মুখত আসাম পাব্লিক ৱকাৰ্ছৰ সভাপতি অভিজিৎ শৰ্মাই কয় যে এনআৰচিৰ পুনৰ নিৰীক্ষণ কাৰণে শীৰ্ষ আদালতৰ কাষ চাপিব৷

চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত স্পষ্ট হৈ পৰিছে যে অসমত অবৈধ লোকৰ সমস্যা কেতিয়াও সমাধান নহয়। যদি চূড়ান্ত এনআৰচিক শুদ্ধ ৰূপত প্ৰকাশ কৰা গ’ল হয় তেন্তে এইখন অসমৰ ইতিহাসত এখন উল্লেখযোগ্য এনআৰচি ৰূপে নিৰ্বাচিত হ’ল হেতেঁন ৷আমি উচ্চতম ন্যায়ালয়ত পুনৰ নিৰীক্ষণৰ কাৰণে পাঁচবাৰকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছো যদিও ইয়াক খাৰিজ কৰা হৈছে ।

ইফালে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কৈছিল যে এনআৰচিৰ প্ৰায় ২৭ শতাংশ পুনৰ নিৰীক্ষণৰ কাম সম্পূৰ্ণ হৈছে ৷ইয়াৰোপৰি প্ৰতীক হাজেলাই সত্যাপনৰ কাৰণে কেৱল চাৰিখন জিলাৰ বিষয়ে তথ্য দিছিল । তেওঁ কেতিয়াও অন্য জিলাৰ সত্যাপনৰ সন্দৰ্ভত তথ্য দিয়া নাছিল ৷আনহাতে নাগৰিক পঞ্জী উন্নীতকৰিবৰ বাবে ব্যৱহাৰ কৰা যি ছফটৱেৰ ব্যৱহাৰ কৰা হৈছিল সেয়া তথ্য প্ৰযুক্তি বিশেষজ্ঞৰ জৰিয়তে নিৰপেক্ষ পৰীক্ষা কৰোৱাৰ দাবী কৰে।

এই সন্দৰ্ভত ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী,গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিব বুলিও কয় আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ব্যয় হোৱা ১৬ কোটি টকাৰ অডিট কৰাৰো দাবী কৰে আছাম পাব্লিক ৱৰ্কছে ৷

অন্য খবৰৰ বাবে পঢ়ক : আৰ্থিক সংকটে চাহ উদ্যোগত প্ৰভাৱ পেলাইছেঃঅসম প্ৰদেশ কংগ্ৰেছ কমিটী

ভিডিঅ প্ৰতক্ষ্য কৰক:Prafulla Kumar Mahanta addresses media in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি