Begin typing your search above and press return to search.

কা - বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই জেদ প্লাছ নিৰাপত্তা বাতিল হ'ল: প্ৰফুল্ল কুমাৰ মহন্ত

কা - বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই জেদ প্লাছ নিৰাপত্তা বাতিল হল: প্ৰফুল্ল কুমাৰ মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2019 7:42 AM GMT

কা - বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই জেদ প্লাছ নিৰাপত্তা বাতিল হ'ল: প্ৰফুল্ল কুমাৰ মহন্ত।প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জেদ কেটেগৰীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰে কেন্দ্ৰীয় চৰকাৰে। এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কেন্দ্ৰৰ এনে সিদ্ধান্তৰ অভিযোগ উত্থাপন কৰি কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰাৰ বাবেই প্ৰফুল্ল কুমাৰ মহন্তৰ জেদ প্লাছ কেটেগৰীৰ নিৰাপত্তা বাতিল কৰা হৈছে ।

ৰবিবাৰে অনুষ্ঠিত হোৱা এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে নতুন দিল্লীত গৃহমন্ত্ৰী- প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি হাত মিলোৱা তিনি জন অসম গন পৰিষদৰ নেতাৰো এই ষড়যন্ত্ৰত হাত আছে । এই পদক্ষেপৰ অন্তৰালত এক বিদ্ৰোহী সংগঠনৰ হাতো আছে । অসম গন পৰিষদৰ নেতাই এনে ধৰণৰ উদ্দেশ্যেৰ বাবেই গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিছিল ।

লগতে প্ৰফুল্ল কুমাৰ মহন্তই কয় যে " কেৱল মাত্ৰ এন এছ জিৰ নিৰাপত্তাই নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে চৰকাৰী নিয়ম অনুসৰি বৰ্তমান দি থকা সকলো ধৰণৰ সা- সুবিধাও যদি কৰ্তন কৰে তথাপিও নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰোধী স্থিতিৰ পৰা লৰচৰ নকৰো " ।

শনিবাৰে ৰাজ্যৰ কেবিনেটে লোৱা সিদ্ধান্তৰ ওপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে এই সকলোবোৰ কেৱল ৰাজনীতি, জনসাধাৰণৰ কুশলৰ অৰ্থে নহয় । কেবিনেটৰ সিদ্ধান্তক বিভ্ৰান্তিমূলক আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ।

ৰাজ্যৰ কেবিনেটে অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে প্ৰণয়ন কৰিবলৈ লোৱা সিদ্ধান্তৰ ওপৰত প্ৰফুল্ল কুমাৰ মহন্তই কয় যে ১৯৬১ চনৰ আইন অনুসৰি অসমত " অসমীয়া" ৰাজ্যিক ভাষা হিচাপে প্ৰযোজ্য হৈ আছে । গতিকে ইয়াত নতুনত্ব একো নাই । নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আন্দোলনত জড়িত লোক সকলক বিভ্ৰান্ত কৰাৰ অপচেষ্টাহে চৰকাৰৰ ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লখিমপুৰত মহিলা সকলৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU ‘Gana Satyagraha Programme’ against CAA 2019 in Golaghat

Next Story
চাকৰি