Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লখিমপুৰত মহিলা সকলৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লখিমপুৰত মহিলা সকলৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2019 6:55 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লখিমপুৰত মহিলা সকলৰ প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে লখিমপুৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। শনিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

আছুৰ লগতে আন ৩০ জনগোষ্ঠীয় সংগঠনে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অসমীয়া অস্তিত্ব, ভাষা সংস্কৃতিত প্ৰভাৱ পেলাব পৰা নাগৰিকত্ব সংশোধনী আইন ২০১৯‌ বাতিলৰ দাবীত মহিলা সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উত্তৰ লখিমপুৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয় চহৰ খনৰ স্বহীদ ভৱন প্ৰাংগণত। লখিমপুৰৰ বহু বিশিষ্ট ব্যক্তি সন্ধ্যাৰাণী ফুকন, ৰেণুকা বৰুৱা, সাংস্কৃতিক কাৰ্যকৰ্তা ৰেণুনী গগৈ, দীপা দাস , প্ৰিয়দা গগৈ, পত্ৰকাৰ ফৰহান আহমেদকে ধৰি আন বহু ব্যক্তিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি লখিমপুৰ জিলা শাখাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পুলক জ্যোতি বৰা, সাধাৰণ সম্পাদক ধনমনি দত্ত, উত্তৰ লখিমপুৰ শাখাৰ আছুৰ সভাপতি প্ৰানজিৎ গগৈ এই আইন আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

আনহাতে ঢকুৱাখনা অন্তৰ্গত মহিলা সংগঠন তথা আছুৰ উপৰিও ৩০ জনগোষ্ঠীয় সংগঠনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মহিলা প্ৰতিবাদ কাৰী সকলে বিভিন্ন গীত মাত, কবিতা , নাম কীৰ্তন, দেশভক্তি মূলক নাটক আদিৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।‌

লক্ষনীয় ভাৱে তেলেহী কমলাবাৰী , ধলপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, খেৰজখত সীমান্ত, হাৰমোটি , লালুক, ফুৰবাৰী , নাওবৈচা, কদম ,‌বগীনদী চালধোৱা , ঘিলামৰা অঞ্চলিক সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অংশ গ্ৰহণ কৰে।

ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৱে পৰৱৰ্তী আন্দোলনৰ ঘোষনা ও কৰিছে । নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে হ'ব লগীয়া আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে ডিচেম্বৰৰ ২৩ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব। লগতে এই কাৰ্যসূচীৰ ওপৰত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱ সমাজ আৰু মহিলাৰ অৱস্থানেৰে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক : কা- ৰ বিৰুদ্ধে ৰাজ্যজুৰি মহিলা সমাজৰ প্ৰতিবাদী কায্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU 'Gana Satyagraha Programme' against CAA 2019 in Golaghat

Next Story
চাকৰি