Begin typing your search above and press return to search.

কা- ৰ বিৰুদ্ধে ৰাজ্যজুৰি মহিলা সমাজৰ প্ৰতিবাদী কায্যসূচী ৰূপায়ন

কা- ৰ বিৰুদ্ধে ৰাজ্যজুৰি মহিলা সমাজৰ প্ৰতিবাদী কায্যসূচী ৰূপায়ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2019 12:32 PM GMT

কা- ৰ বিৰুদ্ধে ৰাজ্যজুৰি মহিলা সমাজৰ প্ৰতিবাদী কায্যসূচী ৰূপায়ন । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধেমাজী জিলাত ৰূপায়ন কৰা হয় বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । ধেমাজী জিলাৰ আছু গোটৰ সদস্য ,৩০ টা জাতীয় সংগঠন , হাজাৰ হাজাৰ মহিলাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কায্যসূচীত অংশগ্ৰহন কৰে । শনিবাৰে জিলাৰ বহু সংখ্যক মহিলাই একগোট হৈ সমদল কৰাৰ লগতে জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ।উক্ত প্ৰতিবাদী কায্যসূচী খনৰ আয়োজন কৰে ধেমাজীৰ আছুৱে,এ জে ৱাই চি পি আৰু অন্যান্য কেইবাটাও জাতীয় সংগঠনে সাংস্কৃতিক কায্যসূচীৰ সমান্তৰালকৈ প্ৰতিবাদ সাব্যস্ত কৰে । মহিলা সমিতিৰ সদস্যা বিমলা গগৈ গোঁহায়ে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ৰাজনৈতিকভাবে সাম্প্ৰদায়িক ভেদাভেদ কৰা এই আইনখন মানি লোৱা নহ'ব । অন্যহাতে ৮০ বছৰীয়া মহিলা হেমলতা বৰগোহাঁইয়ে তেজত শেষ বিন্দু থকালৈকে প্ৰতিবাদ কৰি যাবলৈ সকলোকে আহ্বান জনাই । প্ৰতিবাদী সভাত অসম সাহিত্য সভা ৰামধেনুৰ আঞ্চলিক সমিতিৰ সভাপতি পুতলি কায়স্থ, ধেমাজী জিলাৰ আছু সভাপতি দীপক শৰ্মা ,সম্পাদক কল্যান গগৈ আৰু অন্যান্য ব্যক্তিসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে । মহিলাসকলে প্ৰতিবাদী সমদলত কবিতা আবৃত্তি আৰু গীত পৰিবেশনেৰে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অন্যহাতে তেজপুৰ বাসীয়েও অব্যাহত ৰাখিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ । শনিবাৰে আধ্যাত্মিক গন প্ৰতিবাদী মঞ্চই তেজপুৰত আয়োজন কৰে এক বৃহৎ প্ৰতিবাদী সমদল । কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ এক প্ৰতিবাদী সমদল শ্বহীদ বাকৰি মাজগাওৰ পৰা আৰম্ভ হৈ তেজপুৰ আৰক্ষী থানাৰ সন্মুখেদি এম জি বৰুৱা পথ হৈ পৰা উপায়ুক্ত কাৰ্যালয় আভিমুখে আগবাঢ়ি যায়।উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ কাৰী সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।প্ৰতিবাদত অংশগ্ৰহণ কৰা অন্যান্য সংগঠনসমূহ ভিতৰত আছিল তেজপুৰ লেখিকা মঞ্চ, তেজপুৰ মহিলা মঞ্চ, তেজপুৰ জিলা আছু। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰি সংগঠন কেইটাই অতি সোনকালে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Women bodies protest against CAA-2019 in Biswanath

Next Story
চাকৰি