Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2019 7:53 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। শনিবাৰে মহানগৰীৰ ৰাজপথত ছাত্ৰ সমাজৰ লগতে সাংবাদিক , বিভিন্ন সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই। কটন বিশ্ববিদ্যালয়ৰ ছাএ ছাএী সকলে বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্ব।ৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।অধ্যয়নৰ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰদ্ধে কটনৰ ছাত্ৰ সমাজে নিজৰ প্ৰতিবাদ অক্ষুন্ন ৰাখিব বুলি প্ৰতিবাদত অংশ গ্ৰহণ কৰা একাংশ ছাত্ৰ ছাত্ৰীয়ে কয়।আইনৰ বিৰোধিতা কৰি আন্দোলনত শ্বহীদ হোৱা কেইজনৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায় লগতে হত্যাকাৰীৰ শাস্তিৰ দাবী,নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰোতে আৰক্ষীয়ে আটক কৰা প্ৰতিবাদকাৰীসকলক মুক্তিৰ দাবী কৰে কটনৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰোপৰি আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীক চৰকাৰী বাহিনীয়ে কৰা অত্যাচাৰকো গৰিহনা দিয়ে প্ৰতিবাদকাৰী কটনৰ ছাত্ৰ ছাত্ৰীসকলে।

অন্যহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত সাংবাদিকসকলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে , প্ৰতিবাদস্থলীত উপস্থিত থাকি সাংবাদিক তথা বিশিষ্ট সাহিত্যিক অনুৰাধা ৰ্শমা পূজাৰীয়ে মন্তব্য কৰে যে চৰকাৰৰ লগতে কিছুসংখ্যক সমৰ্থনকাৰীয়ে এই আইনখনৰ সমৰ্থন কৰিছে তাৰ বিপৰীতে কিন্তু লক্ষাধিক লোকে আইনখনৰ বিৰোধিতা কৰিছে। ৰাজ্য বৰ্তমান বেয়া পৰিস্থিতিলৈ গতি কৰিছে আৰু ৰাজ্য বাসীয়ে পোনপতিয়াকৈ আইনখনৰ বিৰোধিতা কৰিছে কাৰন এইখন আইন অসমত কাৰ্যকৰী হ'লে অসমখন বাংলাদেশীৰ হাতলৈ যাব । লগতে লিবাৰেল ডেমক্ৰেটিক পাৰ্টি (এল ডি পি),অসম কেন্দ্ৰীয় ব্যবসায়ী সংস্থা আৰু বিভিন্ন কৰ্মচাৰী সন্থাই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

এল ডি পি য়ে মহানগৰীৰ চচলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি দুদিনীয়াকৈ অনশন কাৰ্যসূচী ৰূপায়ন কৰে আৰু প্ৰতিবাদস্থলীৰ পৰাই এল ডি পি নেতৃত্বই মন্তব্য কৰে যে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা চৰকাৰে সংবিধানৰ উলংঘন কৰি ধৰ্মৰ ভিত্তিত দেশত ভেদাভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে দ্বিতীয়তে আইনখনে অসম চুক্তিক অৱমাননা কৰিছে ।ধৰ্মকেন্দ্ৰীক ৰাষ্ট্ৰ গঠন কৰাৰ উদ্দেশ্যে বিদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ ধাৰনাই অসম চুক্তিক সম্পূৰ্ন ৰুপে শেষ কৰি পেলাব আৰু সেইয়ে এই আইনখন মানি নোলোৱাৰ কথা প্ৰকাশ কৰে দলটোৱে।

অন্য খবৰৰ বাবে পঢ়ক : অসমৰ শান্তি শংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত কা বাতিল কৰাৰ দাবী তৰুন গগৈৰ ,ওদালগুৰিত নায়কৰ পৰিয়ালৰ কাষত মহন্ত

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Next Story
চাকৰি