অসমৰ শান্তি শংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত কা বাতিল কৰাৰ দাবী তৰুন গগৈৰ ,ওদালগুৰিত নায়কৰ পৰিয়ালৰ কাষত মহন্ত

অসমৰ শান্তি শংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত কা বাতিল কৰাৰ দাবী তৰুন গগৈৰ ,ওদালগুৰিত নায়কৰ পৰিয়ালৰ কাষত মহন্ত

গুৱাহাটী: অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুন গগৈয়ে শুক্ৰবাৰে অসমৰ হেৰাই যোৱা শান্তি শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত জাতিধংসী নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবী উত্থাপন কৰিছে । বিজেপি চৰকাৰে যি শান্তি শৃংখলা বৰ্তাই ৰখাৰ কথা কৈছে কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বাবে ৰাজ্যত যিধৰনৰ অৰাজক ,অশান্তিময় পৰিবেশৰ সৃষ্টি হৈছে তাৰ বাবে উত্তৰদায়ী কোন হ'ব। সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ লগতে কয় যে অসমৰ জনসাধাৰনে নিজৰ কৃষ্টি -সংষ্কৃতি ,স্বকীয়তা ,ভাষা বৰ্তাই ৰাখিবলৈ কেনে ধৰণৰ পদক্ষেপ ল'ব লাগে সেইয়া ভালকৈ জানে । তাৰ বাবে সৰ্বনন্দ সোনোৱালে অসমীয়াৰ স্বকীয়তা ৰক্ষা কৰাৰ বাবে বেলেগকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ।গগৈয়ে লগতে অভিযোগ কৰে যে বিজেপি চৰকাৰখনে কেৱল জনসাধাৰনৰ মাজত ধৰ্মীয় ভেদাভেদ সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰিছে আৰু জনসাধাৰনক কা ৰ লগত জড়িত কৰি অন্যান্য গুৰুত্বপূৰ্ন সমস্যা সমূহৰ পৰা হাত হাৰিব বিছাৰিছে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত যিধৰনে প্ৰতিবাদ অব্যাহত আছে তাৰ বিপৰীতে কিন্তু বিজেপি চৰকাৰে অসমীয়াৰ আবেগক আঘাত হানি ৰাজনৈতিক স্বাৰ্থত এই আন্দোলন বন্ধ কৰিব বিছাৰিছে । তেওঁ প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্তবিশ্ব শৰ্মাই কা অসমীয়া ৰাইজে শুদ্ধকৈ বুজি পোৱা নাই বুলি যি অভিযোগ কৰিছে, কিন্তু অসমীয়া মানুহ মূৰ্খ নহয় । এ আই চি চি ৰ নেতা তথা অসম কংগ্ৰেছৰ পৰ্যবেক্ষক হৰিশ ৰাৱাতে কয় যে কাৰ বিৰুদ্ধে প্ৰতিবাদ বৰ্তমান গোটেই ভাৰততে বিয়পি পৰিছে আৰু সংসদৰ ভিতৰে বাহিৰে কংগ্ৰেছে এই নাগৰিকত্ব আইনখন বাতিল কৰাৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

আনহাতে অসম গন পৰিষদৰ প্ৰাক্তন নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শুক্ৰবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী আন্দোলনত সেনাৰ গুলিত নিহত হোৱা ওদালগুৰী জিলাৰ মাজুলি চাহ বাগিচাৰ ইশ্বৰ নায়কৰ শোঁকগ্ৰস্ত পৰিয়ালৰ কাষত ঠিয় হয় ।উল্লেখযোগ্য যে গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ নায়কে মৃত্যুক আকোঁৱালী লৈছিল । মহন্তই চৰকাৰখনক উদ্দেশ্যি কৰি কয় যে অসমৰ জনসাধাৰনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কায্যসূচী অব্যাহত ৰাখিছে চৰকাৰে নাগৰিকতত্ব সংশোধনী আইনখন প্ৰত্যাহাৰ কৰি অসমত বৰ্তমান চলি থকা প্ৰতিবাদৰ অন্ত পেলোৱাৰ আহ্বান কৰে মহন্তই।

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com