বাংলাদেশী ভোট লক্ষ্য কৰিয়েই নাগৰিকত্ব সংশোধনী আইন আনিছে চৰকাৰে : আছু লুৰীণ জ্যোতি গগৈ

 বাংলাদেশী ভোট লক্ষ্য কৰিয়েই নাগৰিকত্ব সংশোধনী আইন আনিছে চৰকাৰে : আছু লুৰীণ জ্যোতি গগৈ

গুৱাহাটী: সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে এক সংবাদমেলত কয় যে সৰ্বানন্দ সোণোৱাল আছুত থকা হলে বৰ্তমান সময়ত বিল খনৰ বিৰোধিতা কৰিলে হয়।কিন্তু যি কি নহওঁক বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱাল ৰাজ্য খনৰ মুখ্যমন্ত্ৰী,আৰু তেওঁ কা ৰ দৰে জাতিধংশ কৰা আইন সমৰ্থন কৰিছে কেৱলমাত্ৰ ক্ষমতাৰ বাবে।

দা চেণ্টিনেলৰ সৈতে হোৱা কথা বার্তাত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে যদিহে বর্তমান সময়ত সৰ্বানন্দ সোণোৱাল আছুৰ নেতা হিচাপে থাকিল হয় তেন্তে তেওঁ নিশ্চয় কাৰ বিৰুদ্ধে মাত মাতিল হয় লগতে ১৯৭১ চনৰ পিছত অহা কোনো বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিলে হয়। কিন্তু বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তেওঁ কাৰ সমথন কৰিছে। তেওঁ সম্পূৰ্ণ বিপৰীত মেৰুত থিয় দিছে। তেওঁ কাৰ সম্পূৰ্ণ সমৰ্থন কৰিছে বিপৰীতে অসমবাসীয়ে নিজৰ ভূমি,ভাষা,সংস্কৃতিলৈ ভাবুকি অহাৰ শংকাত ভুগিছে। অসমৰ ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰাৰ বিপৰীতে উত্তৰ পূবৰ অন্য ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত এই আইনৰ স্পষ্ট বিৰোধিতা কৰিলে।

অন্যহাতে শুক্ৰবাৰে এক সংবাদমেলত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কিছু সংখ্যক হিন্দু বাংলাদেশীয়ে হে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণ জ্যোতি গগৈযে কয় যে আমাৰ স্পষ্ট কথা ১৯৭১ ৰ পিছত অহা এজনো বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰে।তেওঁ লাগিলে হিন্দু হওক বা মুছলিম হওক।বিদেশী বিদেশীয়েই।ইতিমধ্যেই অসমে বহু বিদেশীৰ বোজা লৈছে।১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ পূব বংগৰ পৰা অহা বহু বাংলাদেশীৰ বোজা অসমে লৈছে। যদিহে চৰকাৰে ১৯৭১ চনৰ পিছত অহা বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিছে দিয়ক ,সেই কাম তেওঁলোকে গুজৰাটত কৰক আমাৰ তাত কব লগা একো নাই।অন্যহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চুক্তিৰ ছয় নং দফা চুক্তিখনৰ প্ৰাণ সদৃশ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সম্পাদক গৰাকীয়ে কয় যে,সমগ্ৰ অসম চুক্তি অসমীয়া জাতিৰ প্ৰাণ। কাৰণ অসম চুক্তিৰ বাবে ৮৫৫জন অসমীয়াই নিজৰ প্ৰাণ আহুতি দিছিল। দফা নং পাঁচ বা চুক্তি খনৰ অন্য দফা সমূহ ছয় নং দফাতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ নহয়।

ভিডিঅ প্ৰতক্ষ্য কৰক: AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Tags

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com