Begin typing your search above and press return to search.

 কা-ৰ বিৰুদ্ধে জুবিন গাৰ্গৰ তীব্ৰ প্ৰতিবাদ,পোষ্ট কৰিলে স্বহীদ দীপাঞ্জল দাসৰ ফটো

 কা-ৰ বিৰুদ্ধে জুবিন গাৰ্গৰ তীব্ৰ প্ৰতিবাদ,পোষ্ট কৰিলে স্বহীদ দীপাঞ্জল দাসৰ ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2019 1:17 PM GMT

কা-ৰ বিৰুদ্ধে জুবিন গাৰ্গৰ তীব্ৰ প্ৰতিবাদ,পোষ্ট কৰিলে স্বহীদ দীপাঞ্জল দাসৰ ফটো ।‌ বিগত কেইবাদিনো ধৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।‌অসমৰ শিল্পী সমাজেও সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়ণ হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আইন খনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰি আহিছে।

অসমৰ শিল্পী সমাজৰ বিভিন্ন জন কলা কুশলী , অভিনেত্ৰী বৰষা ৰাণী বিষয়া, কণ্ঠশিল্পী মানস ৰবীন, অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আদিকে ধৰি আন বহু শিল্পীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পষ্টৰূপত বিৰোধিতা কৰি আহিছে । লগতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল নোহোৱা পৰ্যন্ত গনতান্ত্ৰিক ভাৱে এই প্ৰতিবাদ পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি কয় শিল্পী সমাজে ।

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন ২০১৯ খনৰ ফলত সাম্প্ৰদায়িক অশান্তিৰ পিছতো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া আৰু বেংগলী সমাজ ওলাই আহিছে জাতিধ্বংসী আইন খন বাতিলৰ দাবীত ।‌

ইয়াৰ মাজতেই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অসম চৰকাৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ছহীদ দীপাঞ্জল দাসৰ ফটো শ্বেয়াৰ কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । দীপাঞ্জল দাস কিছুদিন পূৰ্বে গুৱাহাটীত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত নিৰাপত্তা ৰক্ষীৰ গুলিত নিহত হৈছিল।

উল্লেখযোগ্য যে দীপাঞ্জল দাস গুৱাহাটীৰ সৈণিক ভৱনৰ অস্থায়ী কৰ্মচাৰী আছিল। লগতে দীপাঞ্জল দাস ছয়গাঁওৰ নিৱাসী। দীপাঞ্জল দাস লতাশিল খেল পথাৰত হোৱা বিৰোধ প্ৰদৰ্শনত অংশ গ্ৰহণ কৰি ঘৰ অভিমুখে যাবলৈ ৰাঝপথত আছিল । সেই সময়ত প্ৰতিবাদত জুবিন গাৰ্গকে ধৰি আন বহু কলা কুশলীয়ে অংশ গ্ৰহণ কৰিছিল। প্ৰতিবাদ স্থলীৰ পৰা বাহিৰ ওলোৱাৰ পিছত তেওঁ লাচিত নগৰ অঞ্চলৰ পিনে গৈ আছিল । লাচিত নগৰত হৈ থকা প্ৰতিবাদত দীপাঞ্জল মিলিত হোৱাৰ লগে লগে নিৰাপত্তা ৰক্ষীৰ হাতত গুলিবদ্ধ হয় দীপাঞ্জল দাস। তাৰ পিছতেই তেঁওক গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষনা কৰে দীপাঞ্জল দাসক ।

দ্যা চেন্টিনেলৰ আগত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে, " নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আমাৰ গনতান্ত্ৰিক প্ৰতিবাদ অব্যাহত থাকিব । আমাৰ লক্ষ্য অতি স্পষ্ট । কোনো পধ্যেই আমি নাগৰিকত্ব সংশোধনী আইন ২০১৯ মানি নলও " । লগতে হাটিগাঁওৰ ছাম ষ্টফৰ্ডৰ আদ্য শ্ৰাদ্ধক সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাই গৰিমা শইকীয়া গাৰ্গে।

অন্য খবৰৰ বাবে পঢ়ক : অসম সদায় অসমীয়াৰ হৈ থাকিব : মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Next Story
চাকৰি