Begin typing your search above and press return to search.

অসম সদায় অসমীয়াৰ হৈ থাকিব : মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসম সদায় অসমীয়াৰ হৈ থাকিব : মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2019 11:12 AM GMT

অসম সদায় অসমীয়াৰ হৈ থাকিব : মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে ধাৰাবাহিক প্ৰতিবাদৰ পিছত

শুক্ৰবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত মুখ্যমন্ত্রী গৰাকীয়ে অসমবাসীক উদ্দেশ্যি আশ্বাস দিয়ে যে অসমৰ ভাষা,ভূমি,সংস্কৃতি আৰু অধিকাৰ সদায় সুৰক্ষিত হৈ থাকিব।

তেওঁ লগতে আশ্বাস দিয়ে যে ,অসমীয়া ভাষা অসমৰ সদায় ৰাজ্যিক ভাষা হৈ থাকিব।তেওঁ লগতে কয় যে ৰাজ্যখনলৈ বৰ্তমান শান্তি ঘূৰাই অনাটো প্ৰয়োজন লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্ধয় বজ।য় ৰখাটো প্ৰায়োজন।আন্দোলনৰ নেতৃত্বলোৱা সকলৰ সৈতে বৰ্তমান আলোচনা কৰাটো প্ৰয়োজন হৈ পৰিছে।লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে যি সকলে ৰাজহুৱা সম্পত্তি বিনষ্ট আৰু হিংসা বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব।তেওঁ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে একাংশ লোকে অপব্যখ। আগবঢ়াইছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।প্রায় ১.৫০কোটি হিন্দু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হব বুলিও অপপ্ৰচাৰ কৰা হৈছে বুলি তেওঁ কয়।মুখ্যমন্ত্ৰী সৰ্বানন্দই লগতে কয় যে অসম চুক্তিৰ ছয় নং দফাৰ উন্নীতকৰণৰ বাবে ১৪জনীয়া সদস্যৰ এক কমিটি গঠন কৰি দিয়া হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুৰত প্ৰতিবাদ অব্যাহত

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Next Story
চাকৰি