নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুৰত প্ৰতিবাদ অব্যাহত

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুৰত প্ৰতিবাদ অব্যাহত

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুৰত প্ৰতিবাদ অব্যাহত।‌ সমগ্ৰ ৰাজ্য জুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। বৃহস্পতিবাৰে ও লখিমপুৰত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকে । লখিমপুৰ জিলা শাখাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে উত্তৰ লখিমপুৰ চহৰত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ দাবীত এক সামূহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সমগ্ৰ চহৰ খনক সামৰি এই প্ৰতিবাদী সমদল পাৰ্টী কাৰ্যালয়ৰ পৰা ১১.৩০ বজাত বাহিৰ কৰে ।

প্ৰতিবাদী দলটোৱে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী উত্তাল কৰি তোলে আৰু অতি শীঘ্ৰেই আইন খন বাতিলৰ দাবী কৰে । তাৰ পিছতেই প্ৰতিবাদী দলটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত জিলা পৰিষদ , যুৱ আৰু মহিলা পন্থা , এ আই চি টি ইউ আৰু চি পি আই বিশিষ্ট নেতাৰ লগতে সাধৰণ জনতাইও অংশ গ্ৰহণ কৰে। প্ৰতিবাদী দলটোৱে আইন খন বাতিল কৰাৰ দাবীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । দলটোৱে বিভিন্ন দাবী কৰি এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পাচ ঘন্টা ধৰি ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীত অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক ভূপেন বৰাই অতি তীব্ৰ ভাৱে বিজেপি চৰকাৰক সমালোচনা কৰে ।

লখিমপুৰ জিলা শাখাৰ চাহ মজদুৰ সংঘই ও উত্তৰ লখিমপুৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চাহ বাগিচাৰ লোক সকলে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে।

এতিয়াও শাম কটা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।বিভিন্ন দল সংগঠন, ছাত্ৰ সমাজ, শিল্পী সমাজ এতিয়াও অব্যাহত ৰাখিছে প্ৰতিবাদ।আনহাতে তিনিদিনীয়া সত্যাগ্ৰহ কাৰ্যসূচীৰ অন্তিম দিনা গুৱাহাটীৰ‌ দীঘলিপুখুৰীৰ পাৰৰ পৰাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ঘোষনা কৰে পৰৱৰ্তী আন্দোলনৰ । আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই জনোৱা অনুসৰি আছুয়ে ঘোষনা কৰা বিক্ষোভ কাৰ্যসূচীৰ মাজতেই অসমৰ গাৱে গাৱে, প্ৰতিটো অঞ্চলত সভা, পদযাত্ৰা, প্ৰতিবাদী সভা , চাইকেল সমদল আদি ৰূপায়ন কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Protest against CAA-2019 is on, Several protesters join AASU in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com