Begin typing your search above and press return to search.

ধেমাজীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ধেমাজীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2019 9:17 AM GMT

ধেমাজীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । ধেমাজী জিলাত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।ধেমিজী নগৰ আৰু কাছাৰী মৈদানত প্ৰায় একলাখতকৈ অধিক লোকে প্ৰচলিত চৰকাৰে জোৰ জবৰদস্তি জাপি দিব বিচৰা কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে ধেমাজীবাসী ৰাইজে । ৰাইজৰ মতামত এইখন আইনৰ দ্ধাৰা হ'ব পাৰে অসমৰ জাতি জনগোষ্ঠীৰ সংঘাত । লগতে অসমৰ সং সংস্কৃতি,সাহিত্য আৰু ভাষাৰ প্ৰতি আহিব পৰা প্ৰত্যাহ্বানৰ কথাও সদৰী কৰে ।গন সত্যাগ্ৰহত অংশগ্ৰহন কৰে সদৌ অসম ছাএ সংস্থাৰ ধেমাজি জিলা গোটে । আছুৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যপ্ৰন্থা হাতত লয় ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধেমাজি বাসী ৰাইজে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ।ধেমাজী জিলাৰ ব্যবসায়ীসন্থা,সকলো জাতি জনগোষ্ঠীৰ লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ সময়ছোৱাত যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়। মৈদানৰ পৰা আৰম্ভণি হয় প্ৰতিবাদী ৰেলী। অ।ইনখনৰ বিৰুদ্ধে আছুৰ মন্তৱ্য শক্তি প্ৰয়োগেৰে উওৰ পূবৰ জনসাধাৰনক প্ৰতিবাদৰ পৰা চৰকাৰে আতঁৰাই ৰখাৰ চেষ্টা কৰিছে।

কা আমি গ্ৰহন নকৰো ! কেতিয়াও নকৰো !এইখন আইন উঠাই ল'ব লাগিব ।আদি শ্লোগান দিয়ে আছুৱে।অসমে ১৯৭২ ৰ পাছত অহা বিদেশীক কেতিয়াও গ্ৰহন নকৰে " এই মন্তব্য কৰে আছুৰ জিলা সাধাৰণ সম্পাদক চিত্ত্বৰঞ্জন বসুমতাৰীয়ে। সংসদত গৃহিত হোৱা কাৰ বিৰুদ্ধে প্ৰতিবাদত ধেমাজীত অংশগ্ৰহন কৰে এ জে ৱাই চি পি ৰ ধেমাজি জিলা সভাপতি ৰানাপ্ৰতাপ বৰুৱা,আটাছুৰ ধেমাজি যুটিয়া সম্পাদক মনোজ গগৈ, সোনোৱাল কছাৰী ছাত্ৰ সংগঠনৰ সভাপতি দেবানন্দ চেলেং , ছাএ নেতা দেব দাস , মিচিং জ্যোষ্ঠ নাগৰিক সংগঠনৰ উপদেষ্টা সোনাধৰ পাটিৰ , ধেমাজি বাৰ এছছিয়েচনৰ সভাপতি কেশব চন্দ্ৰ সোনোৱাল,ধেমাজী আছু সভাপতি দীপক শৰ্মা,সাধাৰন সম্পাদক কল্যান গগৈয়ে। সকলোৱে চৰকাৰখনে কাৰ্যকৰী কৰিব বিচৰা আইনখনৰ বিৰুদ্ধে মাত মাতে । এই আইনখনে ভবিষ্যতে জাতিৰ প্রতি আনিব পৰা ভয়াৱহতাৰ কথা প্ৰকাশ কৰাৰ লগতে ।ভবিষ্যতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি যোৱাৰ কথা উল্লেখ কৰে । জিলাখনৰ শিল্পী সকলেও বিদ্ৰোহী গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : কা-ৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনৰ মাজতে চৰকাৰে দিলে স্পষ্টীকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক : Protest against CAA-2019 is on, Several protesters join AASU in Tinsukia

Next Story
চাকৰি