কা-ৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনৰ মাজতে চৰকাৰে দিলে স্পষ্টীকৰণ

কা-ৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনৰ মাজতে চৰকাৰে দিলে স্পষ্টীকৰণ

কাৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনৰ মাজতে চৰকাৰে দিলে স্পষ্টীকৰণ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি হোৱা তীব্ৰ আন্দোলনৰ মাজতে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে প্ৰেছ ইনফৰমেচন বুৰোত। প্ৰেছ ইনফৰমেচন বুৰোত চমুকৈ পি আই বিৰ চৰকাৰী টুইটাৰ পেজত চৰকাৰে স্পষ্টীকৰণ দিয়ে যে,যেতিয়ালৈকে বিদেশী ন্যায়িধিকৰণে চূড়ান্ত নিৰ্দেশ নিদিয়ালৈকে অসমৰ পৰা কোনো বিদেশী বহিষ্কৰণ নহব। স্পষ্টীকৰণটোত চৰকাৰে কয় যে, নাগৰিকত্ব সংশোধনী আইনে কোনো বিদেশীকে ভাৰতীয় নাগৰিকত্ব আবেদনৰ বাবে বাধা নিদিয়ে ১৯৫৫ ৰ নাগৰিকত্ব আইন অনুসৰি। বলুচিছ ,আহমেডিয়াছ আৰু ৰোহিগিয়া সকলে সদায় ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে আৰু যেতিয়া তেওঁলোকে ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি নীতি নিয়মসমূহ পূৰণ কৰিলে তেওঁলোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে।

চৰকাৰে দিয়া স্পষ্টীকৰণ হিচাপে, বৈধ অনুপ্ৰবেশকাৰীসকল লগতে তিনি খন দেশৰ সংখ্যালঘু সম্প্ৰদায়সমূহ তেওঁলোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ১৯৫৫ৰ নাগৰীকত্ব আইন বিধি ,নীতি,নিয়ম চৰ্ত অনুসৰি।

নাগৰিকত্ব সংশোধনী আইনে এই ক্ষেত্ৰত কোনো পৰিৱৰ্তন অনা নাই। কেৱল কিছু সংখ্যক বিদেশী অনুপ্ৰবেশকাৰী যেহে ইয়াৰ দ্বাৰা লাভাণ্ডিত হব। তেওঁলোকৰ হাতত যদি কোনো নথি পত্ৰ নাথাকে,ম্যাদ উকলা নথি পত্ৰ আৰু যদিহে তেওঁলোকে ধৰ্মীয় নিযাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰিছে ২০১৪ চনৰ ডিচেম্বৰ মাহত। তেওঁলোকক ১৯৫৫চনৰ নাগৰীকত্ব আইন অনুসৰি অবৈধ অনুপ্ৰৱেশকাৰী আখ্যাৰ পৰা বাহিৰত ৰখা হব। সেই সকল নাগৰিকক ছয় বছৰ ধৰি লোৱা বসবাসৰ (আশ্রয়) পিছত ভাৰতীয় নাগৰীকত্ব প্ৰদান কৰা হব।

অন্যহাতে আন বিদেশী নাগৰিকৰ বাবে এই সময়সীমা বাৰ বছৰ।দেশত থকা শৰনাৰ্থীৰ ক্ষেত্ৰত এক স্পষ্টীকৰণ দি চৰকাৰে কয় যে তিব্বত আৰু শ্ৰী লংকাৰ পৰা প্ৰায় দুই লাখ শৰণাৰ্থী,আফগানিস্তানৰ পৰা ১৫০০০, ম্যানমাৰৰ পৰা ২০০০০- ২৫০০০ ৰোহিঙীয়া শৰণাৰ্থীৰ লগতে অন্য কেইবাখনো দেশৰ পৰা আৰু হাজাৰৰ হিচাপত শৰণাৰ্থীয়ে ভাৰতত আশ্ৰয় লৈ বসবাস কৰি আছে।

ভিডিঅ প্ৰতক্ষ্য কৰক : Protest against CAA-2019 is on, Several protesters join AASU in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com