Begin typing your search above and press return to search.

হিংসাত্মক কাৰ্য আৰু জুই সংযোগ কৰা লোকৰ বিৰুদ্ধে ভিডিঅ' সংগ্ৰহ আৰক্ষীৰ

হিংসাত্মক কাৰ্য আৰু জুই সংযোগ কৰা লোকৰ বিৰুদ্ধে ভিডিঅ সংগ্ৰহ আৰক্ষীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2019 7:34 AM GMT

হিংসাত্মক কাৰ্য আৰু জুই সংযোগ কৰা লোকৰ বিৰুদ্ধে ভিডিঅ' সংগ্ৰহ আৰক্ষীৰ । বিগত কেইবাদিনো ধৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠন, ছাত্ৰ সমাজ, শিল্পী সমাজ আদিয়ে । প্ৰতিবাদী কাৰ্যৰ মাজতে বহু দুষ্কৃতি কাৰীয়ে বিভিন্ন হিংসাত্মক কাৰ্যকালাপ সংঘটিত হৈছিল । ৰাজহুৱা সম্পত্তি ক্ষতি সাধন কৰাৰ লগতে বহু গাড়ী মটৰত জুই জ্বলাই হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিছিল ।

প্ৰতিবাদী কাৰ্যসূচীত হিংসাত্মক পথ লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী । ইতিমধ্যে এই কাৰ্যত জড়িত থকা বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ।

অসম আৰক্ষীয়ে জনোৱা অনুসৰি আৰক্ষীয়ৈ হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে বিভিন্ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।

১১ ডিচেম্বৰ আৰু ১২ তাৰিখে গুৱাহাটীৰ লগতে আন ঠাইত হোৱা হিংসাত্মক কাৰ্য সমূহৰ ভিডিঅ' সংগ্ৰহ কৰি তথ্য সমূহ সম্পৰ্কে অধ্যয়ন কৰিছে অসম আৰক্ষীয়ে । আৰক্ষীয়ে জানিবলৈ দিছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ১১ আৰু ১২ ডিচেম্বৰ তাৰিখে কিছুমানে হিংসাত্মক কাৰ্যৰ বাবে প্ৰতিবাদ কাৰীৰ লগত লগ দিছিল ।

ইতিমধ্যে অসম আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পৰা চি চি টি ভিৰ দৃশ্যাংশ সংগ্ৰহ কৰিছে । লগতে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংঘটিত বৰ্বৰ কাণ্ডৰ ভিডিঅ'ও সংগ্ৰহ কৰিছে অসম আৰক্ষীয়ে। ভিডিঅ' সমূহৰ পৰাই অসম আৰক্ষীয়ে হিংসাত্মক কাৰ্য সংঘটিত কৰা মূল অভিযুক্ত সম্পৰ্কে জ্ঞাত হ'বলৈ সক্ষম হৈছে। অসম আৰক্ষীয়ে হিংসাত্মক কাৰ্যত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ হৈ অনুসন্ধান চলাই আছে ।

আনহাতে ১১ ডিচেম্বৰ আৰু ১২ ডিচেম্বৰ তাৰিখে হিংসাত্মক কাৰ্য বৃদ্ধি পোৱাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হৈছিল। এই গুলি চালনাত চৰকাৰী তথ্য অনুসৰি ৪ জন লোকৰ মৃত্যু হৈছিল লগতে আহত হৈছিল প্ৰায় ২৭ জন‌ লোক ।সংঘৰ্ষত গুলিবদ্ধ ২৭ জন লোক গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰ ভিতৰত ৪ জনৰ মৃত্যু হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : প্ৰালোভন আৰু বিভাজনৰ কৌশলৰ পৰা আঁতৰি থাকক: সমুজ্জ্বল ভট্টাচাৰ্য্য

ভিডিঅ প্ৰতক্ষ্য কৰক : Protest against CAA-2019 is on, Several protesters join AASU in Tinsukia

Next Story
চাকৰি