Begin typing your search above and press return to search.

প্ৰালোভন আৰু বিভাজনৰ কৌশলৰ পৰা আঁতৰি থাকক: সমুজ্জ্বল ভট্টাচাৰ্য্য

প্ৰালোভন আৰু বিভাজনৰ কৌশলৰ পৰা আঁতৰি থাকক:  সমুজ্জ্বল ভট্টাচাৰ্য্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2019 7:22 AM GMT

প্ৰালোভন আৰু বিভাজনৰ কৌশলৰ পৰা আঁতৰি থাকক: সমুজ্জ্বল ভট্টাচাৰ্য্য । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় যে, নাগৰীকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা গণত্ৰান্তিক আন্দোলন প্ৰতিহত কৰিবৰ বাবে চৰকাৰে বিভাজন আৰু প্ৰলোভনৰ কৌশল কৰিছে।

বৃহস্পতিবাৰে চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ আহ্বানত হোৱা গণ প্ৰতিবাদত এই মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। গণ প্ৰতিবাদত ৰাইজক উদ্দেশ্যি নিজ ভাষণত তেওঁ কয় আমাৰ শান্ত আৰু গণতান্ত্ৰীক প্ৰতিবাদ আমি আগুৱাই নিম।

তাৰ লগতে নাগৰীকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আইনী যুজঁ আমি চলাই যাম। নাগৰীকত্ব সংশোধনী আইন প্ৰত্যাহাৰ নোকৰালৈকে আমাৰ সংগ্ৰাম চলিব আৰু এই প্ৰতিবাদ শিল্পী সমাজৰ দ্বাৰাও অব্যাহত থাকিব।মই ৰাজ্য চৰকাৰক আহ্বান জনাইছো যাতে অসমৰ সমাজক বিভাজন কৰাৰ নীতি তেওঁলোকে বাদ দিয়ক। ৰাজ্য চৰকাৰে ৰাজ্যৰ নিবনুৱা সকলক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছে। আমি ৰাজ্য চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছোঁ। আমাৰ যুৱ প্ৰজন্মক চাকৰি লাগে। কিন্ত্ত তাৰ লগতে ৰাজ্য চৰকাৰক এইটো কওঁ যে তেওঁলোকে যাতে দিনতে সপোন নেদেখে যে চাকৰিৰ টোপ দি এই গনতান্ত্ৰিক আন্দোলন তেওঁলোকে বন্ধ কৰিব পাৰিব। আমাৰ যুৱ প্ৰজন্মই চাকৰি লাভ কৰিলেও এই আন্দোলন অব্য।হত ৰাখিব।

লগতে ভট্টাৰ্চ।যই কয় যে ৰাজ্য চৰকাৰে ৰাজ্যৰ ২০০০শিল্পীক ৫০০০০ টকাকৈ দিব বুলি ঘোষণা কৰিছে। মোৰ মতে শিল্পী সকললৈ এই অনুদান অতি কম । চৰকাৰে ভাবিছে এই টোপ দি তেওলোকে আন্দোলন বন্ধ কৰিব পাৰিব কিন্তু সত্য এই যে শিল্পী সকলৰ এই আন্দোলন অব্যাহত থাকিব।

আছুৰ উপদেষ্টাগৰাকীয়ে নিজ ভাষণত জনতাক উদ্দেশ্যি আৰু কয় যে,আমি নাগৰিৱত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্য।হত ৰখা বিভিন্ন দল সংগঠনৰ লগত কথা পাতিছোঁ। আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম আৰু নাগৰীকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আমাৰ আইনী যুঁজ অব্যাহত ৰাখিম।এই নাগৰিকত্ব সংশোধনী আইন জাতিধ্বংসী।

এই আইন খনৰ বিৰুদ্ধে সমগ্ৰ বিশ্বজুৰি প্ৰতিবাদ অব্যাহত আছে তাৰ লগতে সমগ্ৰ বিশ্বজুৰি লাখৰ হিচাপত অসমীয়া ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে।কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে কয় যে,নাগৰীকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আমাৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত থাকিব।আমি ছাত্ৰ সমাজে অ।ইন খনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে অধ্যয়নো অব্যাহত ৰাখিম।তেজ দিম,তেল নিদিওঁ এই শ্লোগান আমি সলনি কৰিছোঁ এই শ্লোগান এতিয়া কোৱা হব,তেজু নিদিওঁ তেলও নিদিওঁ।

অন্য খবৰৰ বাবে পঢ়ক : অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিজেপি বিধায়কৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU Rally Against CAA 2019 in Kokrajhar

Next Story
চাকৰি