অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিজেপি বিধায়কৰ

অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিজেপি বিধায়কৰ

অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিজেপি বিধায়কৰ। নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই বৃহস্পতিবাৰে বিজেপি ৰ ১২ জন বিধায়কে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । বিধায়ক সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়। লগতে অসমীয়া ভাষাৰ সুৰক্ষা ,অসমীয়াৰ সুৰক্ষা , নিবনুৱাৰ সংস্থাপন, সন্দেহ যুক্ত বাংলাদেশীক উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়। অসমীয়া ভাষাটো চিৰদিনৰ বাবে ৰাজ্যিক ভাষা হিচাপে পৰিগণিত কৰিবলৈ আহ্বান বিজেপি বিধায়কৰ।

মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে , নাগৰিকত্ব সংশোধনী বিধেয়ক‌ খন আইনত পৰিণত হোৱাৰ লগে লগে অসমৰ মানুহে তেওঁলোকৰ ভাষা,সংস্কৃতি , সাহিত্য আদি সংকট নামি আহিব বুলি শংকিত হৈছে । অসমৰ পৰিস্থিতি‌ দিনক দিনেই অধিক ভয়াবহ হৈছে । অসমীয়া লোকে ভয় খাই আছে যে কা- অহাৰ পিছত অসমীয়া ভাষা ৰাজ্যিক ভাষা হৈ‌ নাথাকিব । অসমীয়াৰ সাংবিধানিক সুৰক্ষা অবিহনে অসমীয়া জাতি ভাষা সুৰক্ষিত নহয় ।সেয়ে এই বৈঠকত ৬ নং দফা কাৰ্যকৰী কৰা আৰু ৭ নং দফা কাৰ্যকৰী কৰাৰ কাৰণে আহ্বান জনায়।

লগতে বিধায়ক পদ্ম হাজৰিকাই কয় যে, " আমিও অসম আন্দোলনৰ পৰা আহিছো । আছুৱে কা- বিৰোধিতা কৰি গণতান্ত্ৰিক আন্দোলন কৰিছে । অহিংস আন্দোলনৰ প্ৰতি আমাৰ সন্মান আছে । কিন্তু আন্দোলনৰ নামত ঘৰ জ্বলাবলৈ অহা বিজেপি বিধায়কৰ ঘৰ জ্বলাবলৈ অহা কাৰ্যক সমৰ্থন নকৰো বুলি কয় পদ্ম হাজৰিকাই। লগতে কয় যে বিজেপি বিধায়কে ঐক্যবদ্ধ হৈ কাম কৰিব ।

এই বৈঠকত বিধায়ক ৰিতুপৰ্ণ বৰুৱাই কয় যে অসম চুক্তিৰ আত্মাই হৈছে চুক্তিৰ ৬ নং দফা । এই দফা অতি শীঘ্ৰেই কাৰ্যকৰী কৰিব লাগে।

উল্লেখযোগ্য যে বি জে পি‌ ৰ বিধায়ক সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰিছে ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব যোৱা বিধায়ক সমূহৰ ভিতৰত হ'ল পদ্ম হাজৰিকা, চক্ৰ গগৈ , প্ৰশান্ত ফুকন , ভাস্কৰ শৰ্মা ,ৰূপক শৰ্মা, যোগেন‌ মহন্ত, অশোকানন্দ সিংহাল, বিনোদ হাজৰিকা, সুৰেণ ফুকন আদি ।

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU Rally Against CAA 2019 in Kokrajhar

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com