Begin typing your search above and press return to search.

গুৱাহাটী ৰেল ষ্টেচনত ৪৫ কেজি গাঞ্জা জব্দ

গুৱাহাটী ৰেল ষ্টেচনত ৪৫ কেজি গাঞ্জা জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 12:33 PM GMT

পুনৰ গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে । গুৱাহাটী ৰেল ষ্টেচনত ৪৫ কেজি গাঞ্জা ৰেল আৰক্ষীয়ে জব্দ কৰে , লগতে ভাতৃ ভগ্নীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ৰে'লৱে আৰক্ষীয়ে সোমবাৰে পুৱা অভিযান চলাই ৪৫ কেজি গাঞ্জা সহ গ্ৰেপ্তাৰ কৰে দুগৰাকী ব্যক্তিক । আটকাধীন লোককেইজন ক্ৰমে ৱাবোৰ খাৰপুৰী চিনৰেম আৰু দড়িশা চিনৰেম । তেওঁলোকৰ বয়স ক্ৰমে ২৮ আৰু ৩২ বছৰ। আটকাধীন লোককেইজন ভাতৃ ভগ্নী বুলি প্ৰকাশ কৰে ৰে'লৱে আৰক্ষীয়ে ।

আটকাধীন লোককেইজনৰ ঘৰ মেঘালয়ৰ পূব খাচী পাহাৰৰ লুম্মেওবাহত । তেওঁলোকৰ পিতৃৰ নাম দ্ৰৱেল চিনৰেমৰ সন্তান বুলি ইতিমধ্যে স্বীকাৰ কৰিছে ।সোমবাৰে পুৱা ৭ বজাত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই দুয়োগৰাকীকে ১২৪২৩ নম্বৰৰ গুৱাহাটীৰ পৰা দিল্লী যাবলগীয়া ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে গাঞ্জাখিনি। গাঞ্জা খিনিৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি জানিব দিয়ে ৰেইলৱে আৰক্ষীয়ে। মেঘালয়ৰ পৰা গুৱাহাটী ৰেইলৱে ষ্টেচনলৈকে টেক্সিৰে আনিছিল গাঞ্জাখিনি।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। দুমাহৰ পূৰ্বে অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ পিছতে দেশজুৰি চৰ্চা লাভ কৰিছিল । অসম আৰক্ষীয়ে ৫৯০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছত এই খবৰে দেশত চাঞ্চ্যলৰ সৃষ্টি কৰিছিল ।চাগালিয়া চেক পইন্টত এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । ধুবুৰী আৰক্ষী নেতৃত্বত ৫৯০ কেজিৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল । টুইটাৰযোগে অসম আৰক্ষীয়ে এই কথা প্ৰকাশ কৰিছিল । টুইটাৰত প্ৰকাশ পোৱা এই পষ্টটোত গাঞ্জাৰ ফটোও সন্নিবিষ্ট কৰি দিয়া হৈছিল ।

এই বৃহৎ সংখ্যক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাত প্ৰশংসা কৰিছিল অসম আৰক্ষীয়ে । টুইটাৰত প্ৰকাশ কৰাৰ পাছতে এই খবৰে তীব্ৰ চৰ্চা লাভ কৰিছিল । এই টুইটত ১৯,০০০ ৰো অধিক লাইক লাভ কৰাৰ লগতে বিখ্যাত কমেডিয়ান পাপা চি জেও এই পদক্ষেপত প্ৰশংসা কৰিছিল।

কিছুমান দিনৰ পূৰ্বে আৰ পি এফে গুৱাহাটী ৰে’ল ষ্টেচনত তালাচী অভিযান চলাই প্ৰায় ৭ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে । আটক কৰিছিল ড্ৰাগচ সৰবৰাহকাৰী| আটক কৰা ব্যক্তি জনৰ নাম সন্তুষ কৰ সিঙ । এই গাঞ্জা খিনিৰ বজাৰৰ মুল্য প্ৰায় ৩৫,০০০ টকা ।

অধিক খবৰৰ বাবে পঢ়ক:গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা আটক ড্ৰাগচ সৰবৰাহকাৰী: জব্দ ৭ কেজি গাঞ্জা

Next Story
চাকৰি