সৰু পৰ্দাৰ পৰা বলীউডলৈ পবিত্ৰ ৰিস্তাৰ অভিনেত্ৰী আশা নেগী

সৰু পৰ্দাৰ পৰা বলীউডলৈ পবিত্ৰ ৰিস্তাৰ অভিনেত্ৰী আশা নেগী

বিগত বৰ্ষত সৰু পৰ্দাৰ বহু অভিনেত্ৰীয়ে বলীউডৰ পদাৰ্পণ কৰিলে ৷ তাৰ ভিতৰত মৌনী ৰয়,নিকিতা দত্ত,দীপিকা সিং,গুৰমিত চোধৰী আৰু অংকিতা লোখণ্ডেৰ লগত আন বহু অভিনেতা আৰু অভিনেত্ৰীয়ে। সম্প্ৰতি সৰু পৰ্দাৰ পৰা আন এগৰাকী অভিনেত্ৰীয়ে বলীউডত পদাৰ্পন কৰিব ৷সেই অভিনেত্ৰীগৰাকীৰ নাম হ’ব সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী আশা নেগী ৷

সৰু পৰ্দাৰ পবিত্ৰ ৰিস্তা নামৰ ধাৰাবাহিকৰ জৰিয়তে জনপ্ৰিয় হোৱা আশা নেগীক অনুৰাগীসকলে বিভিন্ন ধাৰাবাহিকত নিশ্চয় প্ৰত্যক্ষ কৰিছে ৷ আশা নেগীয়ে অনুৰাগ বাসুৰ ছবি মেট্ৰ’ ২ ত অভিনয় কৰিব । এক বিশেষ তথ্য অনুসৰি অনুৰাগ বাসুয় ২০০৭ চনত মুক্তি পোৱা মেট্ৰ’ ছবিৰ চিকুৱেল নিৰ্মাণ কৰিব। এই ছবিখনত আশা নেগীয়ে এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ৷আশা বলীউডৰ অভিনেতা অভিষেক বচ্ছনৰ লগত বলীউডত পদাৰ্পণ কৰিব। অভিষেক বচ্চনৰ লগত আশাই ইতিমধ্যে দুদিন দৃশ্যগ্ৰহণ কৰিলে ৷

অৱশ্যে ছবিখনৰ মেকাৰ্চ সকলে এই ছবিখনৰ সন্দৰ্ভত আশাৰ লগতে আন সদস্যসকলক কোনো ধৰণৰ তথ্য ফাদিল কৰিবলৈ কোৱা নাই। ছবিখনত অভিষেক বচ্চনৰ লগত বলীউডৰ আন এজন এজন ৰাজকুমাৰ ৰাওে অভিনয় কৰিব। ইফালে আশা নেগীৰ তেৰে মেৰে দৰমিয়াঁ নামৰ ধাৰাবাহিকখনৰ পিছত তিনি বছৰৰ বাবে ব্ৰেক লয় ৷ আশাই টিভিৰ ধাৰাবাহিকত অভিনয় কৰিব নিবিচাৰিল ৷কাৰণ আশাৰ বেছিভাগ ধাৰাবাহিকেই কিছু দিনৰ পিছত বন্ধ কৰি দিয়া হৈছিল ৷সেয়ে শেহতীয়াকৈ আশাক বহু ৱেব চিৰিছত দেখা গৈছে ৷

সম্প্ৰতি বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰিছে আশাই ৷এক সাক্ষাৎকাৰত আশা নেগীয়ে সৰু পৰ্দাত সফলতা বিফলতা ক্ষেত্ৰত কয় যে মোৰ প্ৰথমখন ধাৰাবাহিক পবিত্ৰ ৰিস্তা ছুপাৰহিট আছিল ৷ কোনো ধৰণৰ কষ্ট নকৰাকৈ মই সেই সময়ত সেই ধাৰাবাহিকখনত অভিনয় কৰিবলৈ পাইছিলো ।কিন্তু ইয়াৰ পিছত মোৰ কেৰিয়াৰত যথেষ্ট প্ৰত্যাহ্বান আহে।

কাৰণ পবিত্ৰ ৰিস্তাৰ পিছত মই যিমান ধাৰাবাহিকত অভিনয় কৰো সকলো বন্ধ হৈ যায় ।যাৰ কাৰণে মোৰ ডিপ্ৰেশ্যন হয় ।কিন্তু এই সকলোবোৰৰ পৰা মই শিকোঁ যে যিকোনো পৰিস্থিতিতে মোকামিলা কৰিবলৈ লাগিব ধৈৰ্য্য ৷ গতিকে সৰু পৰ্দাৰ অভিনেত্ৰী আশা নেগীৰ বলীউডলৈ এই যাত্ৰাক সকলোৱে অপেক্ষা কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:College Girl allegedly attacked by Lady in Demow, Students Block NH37

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com