অসম চুক্তি: উচ্চ স্তৰীয় কমিটীৰ অসমীয়া সংজ্ঞাৰ ওপৰত চৰ্চা

অসম চুক্তি: উচ্চ স্তৰীয় কমিটীৰ অসমীয়া সংজ্ঞাৰ ওপৰত চৰ্চা

দেওবাৰে অসম চুক্তিৰ ছয় নং অনুসুচীৰ বাস্তৱায়িত কৰা উচ্চ স্তৰীয় সমিতীয়ে অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত আলোচনা কৰে ৷ অসম চুক্তিৰ ষষ্ঠ অনুসূচীত কোৱা হৈছে যে অসমীয়া লোকসকলৰ সামাজিক,সাংস্কৃতিক,ভাষা, সুৰক্ষা,সংৰক্ষণ,সাংবিধানিক,প্ৰশাসনিক আদি দিশবোৰ সুৰক্ষিত কৰাৰ প্ৰসংগ৷ অসম চুক্তিৰ ৬ নং দফাৰ বাস্তৱায়িত কৰাৰ কাৰণে ১৯৮৫ চনৰ পিছৰ প্ৰভাৱশীলতা তদন্ত কৰিব ৷দেওবাৰৰ উচ্চ স্তৰীয় বৈঠকখনত ঐতিহাসিক সন্দৰ্ভীয় বিভিন্ন প্ৰসংগক আলোচনা কৰে ৷

যিয়ে অসমীয়াৰ সংঞ্জা নিৰুপণত সহায় কৰিব ।উচ্চ স্তৰীয় সমিতিয়ে সভা,লোকসভা আৰু বিভিন্ন ক্ষেত্ৰত অসমীয়াৰ আসন সংৰক্ষণ সন্দৰ্ভত আলোচনা কৰিব ৷ বৈঠকখনত অক্টোবৰত হ’ব লগীয়া এখন ৰেড মেপৰ তৈয়াৰ কৰাৰ সিদ্ধান্ত লয় ৷ এই সন্দৰ্ভত বিভিন্ন লোকসকলৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত লয় ৷

কমিটীয়ে ২০২০ চনৰ জানুৱাৰীৰ মাহৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰিব ৷সমিতিয়ে অসম চুক্তিৰ ষষ্ঠ অনুসূচীক বাস্তৱায়িত কৰাৰ কাৰণে ১৯৮৫ চনৰ পৰা সাম্প্ৰতিক সময়লৈকে তদন্ত কৰিব। ইয়াত সামাজিক,আইন, ,কলা, সংস্কৃতি আৰু সাহিত্য আদিৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠিত লোকসকলৰ লগত আলোচনা কৰিব ৷সমিতিয়ে অসম বিধানসভাত আসন সংৰক্ষণ আৰু অসমীয়া লোকসকলৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব ৷

অসম চৰকাৰৰ অন্তৰ্গতত সমিতিয়ে অসমৰ নিযুক্তিৰ ক্ষেত্ৰত আলোচনা কৰিব ৷ উল্লেখ্য যে উচ্চ স্তৰীয় সমিতিৰ অনাগত বৈঠক অনুষ্ঠিত হ’ব ১১ অক্টোবৰত ৷

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই ১৩ জনীয়া সমিতিৰ প্ৰথম বৈঠকতে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ সৈতে নিগম,নিকায়,বিধানসভা আৰু সংসদত অসমৰ খিলঞ্জীযাৰ বাবে আসন সংৰক্ষণ কৰা,ভূমি সংৰক্ষণ আৰু কেন্দ্ৰীয় চাকৰিতো অসমৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বিষয়টো সন্নিবিষ্ট কৰে ৷

দ্বিতীয় বৈঠকত অসম চুক্তি ৬ দফাৰ থলুৱাৰ ভূমি সংৰক্ষণ, সংসদত আসন সংৰক্ষণ, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, পি এচ ইউ এচ আৰু অসমীয়াৰ অন্যান্য ব্যক্তিগত সংস্থা, কমিটিৰ নতুন নীতি আৰু পৰামৰ্শ আদি আলোচনা কৰা হয় । ১৯৯৮ চনত কেন্দ্ৰৰ প্ৰাক্তন গৃহ সচিব জি কে পিল্লাইৰ নেতৃত্বত গঠন কৰা কমিটীয়ে এই ক্ষেত্ৰত ইতিমধ্যে এটা দিহা প্ৰদান কৰা হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com