Begin typing your search above and press return to search.

অসম চুক্তি: জনগোষ্ঠীয় লোকৰ ভূমি বেদখলৰ সম্পৰ্কে অনুসন্ধান কৰিব লাগে পেনেলে

অসম চুক্তি: জনগোষ্ঠীয় লোকৰ ভূমি বেদখলৰ সম্পৰ্কে অনুসন্ধান কৰিব লাগে পেনেলে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Aug 2019 8:07 AM GMT

ঐতিহাসিক অসম চুক্তিৰ দফাৰ সমূহৰ ক্ষেত্ৰত জনগোষ্ঠীয় সংগঠন কেইটায়ে তেওঁলোকৰ ভূমি বেদখল মুক্ত কৰিবলৈ দাবী উত্থাপন কৰে । থলুৱা লোকসকলৰ ভূমি বেদখল মুক্ত কৰিবলৈ অসম চুক্তিৰ ১০ দফাত উল্লেখ আছে । কিন্তু এই দফাক অবহেলা কৰাটো দুৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰে । তেওলোকে দাবী উত্থাপন কৰিছিল যে, পেনেলটো অধক্ষ্যকে ধৰি ৮০ % জনগোষ্ঠীয় লোক হব লাগে । সংগঠন কেইটায়ে লগতে দাবী কৰে যে ৰাজ্য খনৰ থলুৱা লোকসকলৰ ভূমিৰ লগতে তেওঁলোকৰ ভাষা - সংস্কৃতি ৰক্ষাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিব লাগে । লগতে সংগঠন কেইটায়ে দাবী কৰে যে, মিছিং , তিৱা, ৰাভা, সোনোৱাল কছাৰি, থেঙাল কছাৰি আৰু দেউৰীক জনজাতিকৰন আৰু স্বায়ত্ত শাসিত পৰিষদ হিচাপে গঢ়ি তুলিব লাগে ।

বৃহস্পতি বাৰে, ট্ৰাইবেল ৰেষ্ট হাউচত CCTOA আৰু থলুৱা জনগোষ্ঠী সাহিত্য সভাৰ মাজত বৈঠক অনুস্থিত হয় । CCTOA ৰ মুখ্য সমন্বয়কাৰী আদিত্য খাকলাৰীৰ প্ৰতিনিধিত্বত অনুষ্ঠিত হয় এই বৈঠক। অসম চুক্তিৰ ৬ দফা ৰূপায়ণৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ আলোচনা হয় বৈঠকত ।

এই সংগঠন কেইটায়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক শীঘ্ৰে লগ কৰাৰ কথা প্ৰকাশ কৰে । লগতে থলুৱা জনগোষ্ঠীয় লোকৰ মতামত সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে অসম চুক্তিৰ ষষ্ঠ দফাক সন্মুখত ৰাখি নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ত কেন্দ্ৰই গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীৰ দুখন বৈঠক অনুষ্ঠিত হৈছে ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখনৰ প্ৰথমখন বৈঠকত অসমৰ এখন খিলঞ্জীয়া জনজাতীয় সদস্যৰ অন্তৰ্ভূক্তিৰো সিদ্ধান্ত কৰা হয় ।

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই ১৩ জনীয়া সমিতিৰ প্ৰথম বৈঠকতে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ সৈতে নিগম,নিকায়,বিধানসভা আৰু সংসদত অসমৰ খিলঞ্জীযাৰ বাবে আসন সংৰক্ষণ কৰা,ভূমি সংৰক্ষণ আৰু কেন্দ্ৰীয় চাকৰিতো অসমৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বিষয়টো সন্নিবিষ্ট কৰে ৷সংসদৰ ভৱনত বিয়লি ৬ বজাত কমিটীৰ সদস্যসকলৰ সৈতে হোৱা বৈঠকত অমিত শ্বাহে বিভাগীয় ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দৰেই অসম চুক্তিৰ ষষ্ঠ দফা ৰপায়নৰ বাবে কেন্দ্ৰৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

দ্বিতীয় বৈঠকত অসম চুক্তি ৬ দফাৰ থলুৱাৰ ভূমি সংৰক্ষণ, সংসদত আসন সংৰক্ষণ, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, পি এচ ইউ এচ আৰু অসমীয়াৰ অন্যান্য ব্যক্তিগত সংস্থা, কমিটিৰ নতুন নীতি আৰু পৰামৰ্শ আদি আলোচনা কৰা হয় । ১৯৯৮ চনত কেন্দ্ৰৰ প্ৰাক্তন গৃহ সচিব জি কে পিল্লাইৰ নেতৃত্বত গঠন কৰা কমিটীয়ে এই ক্ষেত্ৰত ইতিমধ্যে এটা দিহা প্ৰদান কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চয়ে অসম চুক্তিৰ ৬ দফা ৰূপায়ণৰ ক্ষেত্ৰত আপত্তি দৰ্শাই

ভিডিঅ প্ৰতক্ষ্য কৰক: Zubeen Garg and other noted celebs grace Biswanath Film Festival

Next Story
চাকৰি