Begin typing your search above and press return to search.

 বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা স্কুলীয়া শিক্ষাৰে জড়িত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

 বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা স্কুলীয়া শিক্ষাৰে জড়িত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 8:59 AM GMT

বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা স্কুলীয়া শিক্ষাৰে জড়িত তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

মঙলবাৰে অন্ত পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত কালি তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয়। সৰ্বসন্মতিক্ৰমে গৃহীত এই তিনিওখন বিধেয়কেই শিক্ষা সম্বন্ধীয়। ইয়াৰে এখন বিধেয়কৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো স্কুলতে অসমীয়া ভাষাৰ শিক্ষাদান বাধ্যতামূলক কৰা হৈছে। আন এখন বিধেয়ক স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ নিযুক্তি-বদলি সম্পৰ্কীয়।তৃতীয়খন বিধেয়ক হৈছে ব্যক্তিগতখণ্ডৰ মাচুল সম্বন্ধীয়। বিধানসভাত বিধেয়ককেইখন উত্থাপন কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “এই তিনিওখন বিধেযক ৰাজ্যৰ শিক্ষাখণ্ডৰ সৈতে জড়িত। বিধেয়ককেইখন গৃহীত কৰোৱাৰ বাবে মই সকলো বিধায়কৰে সহযোগিতা বিচাৰিলো। সদনৰ কোনো সদস্যই বিধেয়ককেইখন সন্দৰ্ভত পৰামৰ্শ বা সংশোধনীৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰে। আমি তেনে প্ৰস্তাৱ বা সংশোধনীৰ বিষয়ে বিধানসভাৰ আগন্তুক অধিৱেশনত আলোচনা কৰিম”। শিক্ষামন্ত্ৰীৰ এই প্ৰস্তাৱৰ প্ৰতি সকলো সদস্যই সমৰ্থন আগবঢায়। এই গুৰুত্বপূৰ্ণ বিধেয়ককেইখন হৈছে অসমীয়া ভাষা শিক্ষা বিধেয়ক, ২০২০, অসম বেচৰকাৰী শিক্ষানুষ্ঠান(মাচুল নিয়ন্ত্ৰণ) বিধেয়ক আৰু অসম প্ৰাথমিক আৰু মাধ্যমিক স্কুল শিক্ষক(নিয়ুক্তি নিয়মীয়াকৰণ আৰু বদলি)বিধেয়ক। অসমীয়া ভাষা শিক্ষা বিধেয়ক, ২০২০ সন্দৰ্ভত শিক্ষামন্ত্ৰী শৰ্মাই লগতে কয় যে এই বিধেয়কৰ জড়িয়তে ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰিব বিচৰা হৈছে। অৱশ্যে এই বিধেয়কৰ আওতাৰ পৰা বৰাক উপত্যকা, পাহাৰীয়া জিলা দুখন আৰু বি টি এ ডিক বাহিৰত ৰখা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰী: হাইলাকান্দি-তিনিচুকীয়াত সহস্ৰাধিকক গৃহ একাষৰীয়াকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story
চাকৰি