Begin typing your search above and press return to search.

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 10:13 AM GMT

ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ অসম সম্প্ৰতি জাপানীজ এনকেফেলাইটিজৰ কাৰণে দেশৰ সবাতোকৈ দুৰ্বল ৰাজ্য হিছাপে বিবেচিত হৈছে ৷ কিছু বছৰৰ পূৰ্বতে এই মহামাৰী কেৱল উজনি অসমৰ কিছু সংখ্যক জিলাত সীমাবদ্ধ আছিল ৷ কিন্তু সম্প্ৰতি নামনি অসম আৰু বৰাক উপত্যকাৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ গতিকে স্বাস্থ্য বিভাগৰ কাৰণে এই মহামাৰী প্ৰত্যাহ্বান ৰূপে চিহ্নিত হৈছে ৷

ইফালে ২০১৩ চনত জাপানীজ এনকেফেলাইটিছত ১৩৪ জন লোকৰ মৃত্যু হৈছিল,২০১৪ চনত ১৬৫ জন লোক,২০১৫ চনত ১৩৫ জন,২০১৬ চনত ৯২ জন,২০১৭ চনত ৮৭ জন আৰু ২০১৮ চনত মৃত্যু হৈছিল ৯৪ জন লোকৰ ৷ দ্য চেন্টিনেলৰ লগত হোৱা সাক্ষাৎকাৰত এক বিশেষ সূত্ৰই কয় যে চলিত বৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ ৰ সীমা অতিক্ৰম কৰিলে ৷

অন্যহাতে, জাপানী এনকেফেলাইটিছৰ প্ৰকোপ উজনি অসমত ২০১৫ চনলৈকে আছিল৷ কিন্তু সম্প্ৰতি পট পৰিৱৰ্তন হৈছে ৷ কাৰণ নামনি অসম আৰু বৰাক উপত্যকাত এই ৰোগৰ প্ৰকোপ বৃদ্ধি হৈছে ৷জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপে অসমক এখন দুৰ্বল ৰাজ্যলৈ পৰিণত কৰিলে ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এক বিশেষ তথ্য অনুসৰি পশ্চিম বংগাল,উত্তৰ প্ৰদেশ আৰু বিহাৰ সহিত অন্যান্য ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ অলপহে সীমিত ৷

গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পিতেলৰ এজন চিকিৎসকৰ মত অনুসৰি জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপলৈ চাই আশংকা কৰা হৈছে যে সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে এই মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিব ৷লগতে এই পৰিস্থিতি স্বাস্থ্য সেৱাত জৰিত প্ৰত্যেক জন লোকৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বান ৷ লগতে চিকিৎসকজনে মন্তব্য কৰে যে জাপানীজ এনকেপেলাইটিছৰ বিষয়টোত এটি শৃংখলা জৰিত হৈ আছে ৷ম’হৰ বংশবৃদ্ধিত নিয়ন্ত্ৰণ কৰা,আঁঠুৱা ব্যৱহাৰ কৰা,কইল, আদি ব্যৱহাৰ কৰি এই ৰোগ বৃদ্ধি হ্ৰাস কৰিব পাৰি ।

এই ৰোগৰ কোনো এন্টি ভাইৰেল প্ৰতিষেধক নাই ৷চিকিৎসকে লক্ষণসমূহ দূৰ কৰিবৰ কাৰণে আৰু ৰোগীক স্থিৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে ৷ ইফালে চিকিৎসকে যিকোনো জ্বৰক উপেক্ষা নকৰিবলৈ আহ্বান কৰে জনসাধাৰণক । যেতিয়া কোনো এজন লোক জ্বৰত আক্ৰান্ত হয় তেতিয়া ফাৰ্মাছিলৈ যোৱাৰ পৰিৱৰ্তে কাষৰ স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ কয়। কাৰণ চিকিৎসাত পলমে হ’লে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

এক বিশেষ সূত্ৰৰ মত অনুসৰি শিৱসাগৰ,বৰপেটা, নগাঁও, শোনিতপুৰ,দৰং, ওডালগুৰি,বঙাইগাঁও,কাছাৰ,মৰিগাঁও, নলবাৰী আদি জিলাত জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই জিলাত এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এক টীকাকৰণ অভিযান আৰম্ভ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক: জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণত ব্যৰ্থ অসম চৰকাৰ : সদৌ অসম ছাত্ৰ সন্থা

Next Story
চাকৰি