Begin typing your search above and press return to search.

জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণত ব্যৰ্থ অসম চৰকাৰ : সদৌ অসম ছাত্ৰ সন্থা

জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণত ব্যৰ্থ অসম চৰকাৰ : সদৌ অসম ছাত্ৰ সন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 7:29 AM GMT

বৰ্তমান সময়ত জাপানীজ এনকেফেলাইটিছ ৰোগে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৩৩ জনৰ মৃত্যু হোৱাৰ লগতে , ১২২ জন লোকৰ আক্ৰান্ত হৈ আছে । সোমবাৰে কেন্দ্ৰীয় দলে ৰোগৰ সন্দৰ্ভত আলোচনা কৰে।

সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াবহতাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থায়ে চৰকাৰক দোষাৰোপ কৰে । জাপানীজ এনকেফেলাইটিছ ৰোগৰ নিয়ন্ত্ৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে । চৰকাৰে আগতীয়াকৈ কোনো প্ৰতিষেধকৰ ব্যবস্থা কৰা হোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে আছুয়ে । সদৌ অসম ছাত্ৰ সন্থায়ে চৰকাৰক ব্যবস্থা গ্ৰহণ কৰাৰ লগতে আক্ৰান্ত লোকসকলক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাই।

মংগলবাৰে হেঙাৰাবাৰী স্থিত স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত সদৌ গুৱাহাটী ছাত্ৰ সন্থায়ে (AGSU) য়ে বিক্ষোভ পদৰ্শন কৰে । তেওঁলোকে লগতে প্ৰকাশ কৰে যে, জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে । তেওলোকে পৰ্যাপ্ত পৰিমাণৰ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিধেষক যোগানৰ দাবী উত্থাপন কৰিছে । মংগলবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলি আৰু সাধাৰণ সম্পাদক ৰাইফুদ্দিন আহমেদে প্ৰকাশ কৰে যে, চৰকাৰে আগতীয়াকৈ প্ৰতিষেধক যোগান ধৰাত ব্যৰ্থ হৈছে । "

এন ভি বি ডি চি পিৰ মতে , ২০১৬-১৭ চনৰ পৰা জাপানীজ এনকেফেলিটিচ ৰোগৰ প্ৰাপ্তবয়স্ক টিকাকৰণ বন্ধ কৰা হয় । উল্লেখযোগ্য যে , বিশেষকৈ ১০ খন জিলা – তিনিচুকীয়া , ডিব্ৰুগড়, শিবসাগৰ , যোৰহাট , গোলাঘাট , ধেমাজি, লক্ষিমপুৰ , শোণিতপুৰ , ওদালগুৰি আৰু বৰপেটাত জাপানীজ এনকেফেলিটিচ ৰোগ অধিক হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰলৈ ৰিপোৰ্ট পঠিওৱা হৈছে । এন ভি বি দি চি পিয়ে পুনৰ টিকাকৰণ আৰম্ভ কৰাৰ কৰা প্ৰকাশ কৰিছে |

নেচনেল ভেক্টৰ বোৰ্নি ডিজিজ কন্ট্ৰল প্ৰগ্ৰেমৰ মতে ভেক্টৰ বহিৰ্ভূত ৰোগৰ প্ৰবনতা সমূহ কামৰূপ , ডিব্ৰুগড় , শোণিতপুৰ আৰু শিবসাগৰত অধিক। যোৱা কেইবছৰত জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰম ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এই জিলা কেইখনত অধিক আছিল ।

জাপানীজ এনকেফেলিটিচ মহৰ দ্বাৰা হয়। গ্ৰাম্য অঞ্চল আৰু চহৰমূখী অঞ্চলত সমূহত এই ৰোগ বিধ অধিক হোৱা পৰিলক্ষিত হয় । জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰমৰ (AES) ৰোগৰ লক্ষ্যন সমূহ হৈছে মূৰ বিষ, জ্বৰ, গাঠি আৰু মাংসপেশীৰ বিষ, দুৰ্বল অনুভৱ আৰু টোপনি ভাব আহি থকা আদি সমূহ।

অধিক খবৰৰ বাবে পঢ়ক :জাপানীজ এনকেফেলিটিচৰ আতংক: ২১ জনৰ মৃত্যুৰ পিছত অসমত উপস্থিত কেন্দ্ৰীয় দল

Next Story
চাকৰি