Begin typing your search above and press return to search.

বান পৰিস্থিতিয়ে প্ৰভাৱ পেলাইছে শাক পাছলিত: আকাংশলংঘী মূল্যত হাৰাশাস্তি মধ্যবিত্তৰ

বান পৰিস্থিতিয়ে প্ৰভাৱ পেলাইছে শাক পাছলিত: আকাংশলংঘী মূল্যত হাৰাশাস্তি মধ্যবিত্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 11:46 AM GMT

বান পৰিস্থিতিয়ে প্ৰভাৱ পেলাইছে শাক পাছলিত ৷ সমগ্ৰ ৰাজ্যত বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ পিছত সম্প্ৰতি মহানগৰীত শাক পাছলিৰ মূল্য বৃদ্ধি পাইছে ৷যাৰ কাৰণে মধ্যবিত্ত লোকসকলৰ কাৰণে এক সমস্যাৰ সৃষ্টি হৈছে ৷বিভিন্ন ঠাইৰ পৰা শাক পাছলিসমূহৰ আমদানি ৰপ্তানি কৰিব পৰা নাই ব্যৱসায়ীসকলে ৷ যাৰ কাৰণে সম্প্ৰতি মহানগৰীত শাক পাছলিৰ মূল্য আকাশ লংঘী হৈ পৰিছে। ১৫ দিন পূৰ্বে যিবিধ শাক পাছলিৰ মূল্য প্ৰতি কেজিত ২০ টকা আছিল যদিও সম্প্ৰতি সেই বিধ শাক পাছলিৰ মূল্য হৈছেগৈ ৪০-৫০ টকা ৷

ঠিক সেইদৰে লাও আৰু বিনৰ মূল্য হৈছেগৈ ৫০ টকা ৷ লগতে বেঙেনা তথা অন্যান্য শাক পাছলিৰ মূল্য হৈছেগৈ প্ৰতি কিলোগ্ৰামত ৪০-৫০ টকা। ইফালে গুৱাহাটীলৈ প্ৰধানকৈ খাৰুপেটীয়া,ডলগাঁও আৰু মেঘালয় আদিৰ পৰা শাক পাছলিসমূহ অনা হয় ৷কিন্তু বানৰ কাৰণে সম্প্ৰতি এই ঠাইসমূহৰ পৰা শাক পাছলি অহা বন্ধ হৈ গৈছে। মহানগৰীৰ দৰে ৰাজ্যৰ অন্যান্য স্থানসমূহত শাক পাছলিৰ মূল্য বৃদ্ধি পাইছে ৷ কিন্তু বাৰিষাৰ সময়ত এনেধৰণে শাক পাছলি মূল্য বৃদ্ধি পোৱা ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

ইফালে মহানগৰীত উজান বজাৰস্থিত মাছৰ বজাৰখন সম্প্ৰতি জলমগ্ন হৈ পৰিছে ৷ ৰাজ্যত ধাৰাষাৰে হোৱা বৰষুণৰ কাৰণে সম্প্ৰতি বিভিন্ন অঞ্চলত মাছ ধৰিব পৰা নাই মাছৰ ব্যৱসায়ীসকলে ৷স্থানীয় লোকসকলৰ পৰাও মাছ সংগ্ৰহ কৰিব পৰা নাই ব্যৱসায়ীসকলে ৷ ইফালে বহিঃৰাজ্যৰ পৰা মাছ সংগ্ৰহ কৰিবলৈও অসুবিধাত পৰিছে ব্যৱসায়ীসকল ৷ যাৰ কাৰণে গুৱাহাটীত মাছৰ মূল্য আকাশ লংঘী হৈ পৰিছে ৷ অন্যহাতে গুৱাহাটীত প্ৰধানকৈ খাৰুপেটীয়া,দলগাঁৱ, মেঘালয় আদিৰ পৰা শাক পাছলি আনে ব্যৱসায়ীসকলে ৷কিন্তু ৰাজ্যৰ সৰ্বত্ৰে হোৱা বানপানীৰ কাৰণে শাক পাছলি অনাত অসুবিধাৰ সন্মুখীন হৈছে ব্যৱসায়ী সকল ৷

বেলতলা বজাৰত দেওবাৰে শাক পাছলিৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে ৷ লগতে শাক পাছলিৰ সংখ্যাও যথেষ্ট সীমিত ৷লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে শাক পাছলিসমূহৰ সাধাৰণ মূল্যতকৈ অধিক মূল্য জনসাধাৰণৰ পৰা লোৱা দেখা গৈছে। ব্যৱসায়ীসকলৰ মত অনুসৰি বাৰিষাৰ কাৰণে শাক পাছলিসমূহ মূল্য বৃদ্ধি হৈছে ৷গতিকে ৰাজ্যৰ বান পৰিস্থিতিয়ে শাক পাছলিৰ লগতে অন্যান্য ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে ৷গতিকে আকাশলংঘী মূল্য বৃদ্ধিয়ে লোকসকলৰ জন জীৱনত কেনেদৰে প্ৰভাৱ পেলাব আৰু বিভাগীয কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ভূমিকা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক: বানৰ তাণ্ডৱৰ সময়তে মহানগৰীতে বৃদ্ধি পাইছে শাক পাছলি আৰু মাছৰ মূল্য

Next Story
চাকৰি