প্ৰসংগ: উপনিৰ্বাচন: তিনিখন বিধানসভা ক্ষেত্ৰৰ কাৰণে সাম্ভাব্য প্ৰাৰ্থীৰ নাম

প্ৰসংগ: উপনিৰ্বাচন: তিনিখন বিধানসভা ক্ষেত্ৰৰ কাৰণে সাম্ভাব্য প্ৰাৰ্থীৰ নাম

বিজেপি অসম প্ৰদেশে চলিত বৰ্ষৰ ২১ অক্টোবৰত হ’ব লগা চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাৰণে তিনিজন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিছে। দলটোৱে বৃহস্পতিবাৰে জনিয়া বিধানসভা সমষ্টিৰ কাৰণে প্ৰাৰ্থীৰ নাম প্ৰদান কৰিব। দলৰ নিৰ্বাচন সমিতিয়ে বুধবাৰে দলৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ লগত অটল বিহাৰী বাজপেয়ী ভৱনত এখন বৈঠক আয়োজন কৰে ৷

এই বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ নিৰ্বাচনৰ কমিটীৰ সদস্য আৰু তিনিজন সাংসদ উপস্থিত আছিল। বৈঠকৰ পিছত সংবাদ মাধ্যমৰ লগত কথা বাৰ্তাত মংগলদৈ সাংসদ দিলীপ শইকীয়াই কয় যে জনিয়া এৰি ৰাতাবাৰী,ৰঙাপাৰা আৰু সোনাৰী বিধানসভাৰ প্ৰাৰ্থীসকলৰ তালিকা তৈয়াৰ কৰা হৈছে।

ৰাতাবাৰীৰ পৰা প্ৰাৰ্থী জয়দেৱ দাস,বিজয় মালাকাৰ,আৰু সুনীল বিন ৷ৰঙাপাৰা সাম্ভাব্য প্ৰাৰ্থী ৰাজেন বৰঠাকুৰ,বটাছ ওৰাং,কেশৱ উপাধ্যায় নৱনিতা সন্দিকৈ আৰু সোনাৰিৰ পৰা অনুপ সিং ৰাজপুৰোহিত হৈছে সোনাৰিৰ প্ৰাৰ্থী ।জনিয়া সমষ্টিত এক বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে কাৰণ তিনিজন প্ৰাৰ্থীৰ নাম ল’বলৈ সক্ষম নহল । ইফালে ৰাজ্যিক সভাপতিয়ে সকলো প্ৰাৰ্থীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Special Police Officer Welfare Society demands regularization of their jobs

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com