বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত অসম কন্যা যমুনা বড়ো

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত অসম কন্যা যমুনা বড়ো

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত অসম কন্যা যমুনা বড়ো ৷ ভাৰতৰ লগতে অসম বাসীৰ কাৰণে এক সুখবৰ। অসমৰ বক্সাৰ যমুনা বড়োয়ে বৃহস্পতি বাৰে ৰুছিয়াত হোৱা বিশ্ব বক্সিং চেম্পিয়ন শ্বিপত জাৰ্মানীৰ উৰ্চুলা গটলবক পৰাজিত কৰি চেমি ফাইনেলত প্ৰবেশ কৰে ।ইয়াৰ লগে লগে মেডেল নিশ্চিত কৰে দুৰ্দান্ত খেলুৱৈ যমুনা বড়োৱে ।

উল্লেখ্য যে, অসমৰ যমুনা বড়োয়ে ২৩ সংখ্যক ইণ্ডোনেছিয়াৰ লাবুৱান বাজোত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰে। ফাইনেলত যমুনা বড়োয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে ইটালীৰ অভিজ্ঞ বক্সাৰ গিউলিয়া লামাগনাক। ইয়াৰ পূৰ্বতে যমুনাই গুৱাহাটীত আয়োজিত ছেকেণ্ড ইণ্ডিয়া অ’পেন ইন্টাৰনেশ্যনেল বক্সিঙ টুৰ্নামেন্টত স্বৰ্ণ পদকত জয় লাভ কৰে ৷

শিৱ থাপাই স্বৰ্ণ পদক লাভ কৰাৰ পাছত অসমৰ আন এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন বক্সাৰ যমূনা বড়োই আন এখন আন্তৰাষ্ট্ৰীয় টুৰ্নামেন্টত অনুৰূপ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। মে’ মাহত ইণ্ডিয়া অ’পেন স্বৰ্ণ পদক জয় কৰা যমুনাই ইণ্ডোনেছিয়াৰ লাবুৱান বাজুত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিঙ চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰে ৷যমুনা বড়োয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে ইটালীৰ অভিজ্ঞ বক্সাৰ গিউলিয়া লামাগনাক ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Two youth charged with human trafficking in Haryana, Police Rescued Two

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com