বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমী ফাইনেলত মেৰী কম

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমী ফাইনেলত মেৰী কম

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমী ফাইনেলত মেৰী কম । আকৌ মেৰী কমৰ আন এক সফলতা ৷বিশ্ব মহিলা বক্সিং চেম্পিয়ন শ্বিপৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে অপ্ৰতিৰোধ্য মেৰী কমে ৷ইতিমধ্যে বিশ্ব মহিলা বক্সিঙত মেৰী কমৰ অষ্টমটো পদক নিশ্চিত হৈছে ৷ লগতে এই প্ৰতিযোগিতাত অষ্টম পদক লাভ কৰা মেৰী কম হ’ব প্ৰথম মহিলা বক্সাৰ ৷

ইফালে ৩৬ বছৰীয়া মনিপুৰৰ প্ৰখ্যাত বক্সাৰ মেৰী কমে বিগত সময়ত ইণ্ডোনেছিয়াত আয়োজিত লাবুৱান বাজুত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেছিডেন্টছ কাপ বক্সিঙত এম চি মেৰী কমে (৫১) কেজি সোণৰ পদক লাভ কৰে ।

আনহাতে অক্টোবৰত হ’ব লগীয়া বিশ্ব চেম্পিয়ন শ্বিপৰ প্ৰস্তুতি হিছাপে প্ৰেছিডেন্ট কাপত ভাগ লৈ মেৰী কমে মহিলাৰ ৫১ কিলোগ্ৰাম শাখাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ ফ্ৰেংকছ এপ্ৰেলক পৰাস্ত কৰে ৫-০ ব্যৱধনাত ৷ টুৰ্নামেন্টখনত শ্ৰেষ্ঠ দলৰ সন্মান পোৱা ভাৰত লাভ কৰে সাতটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক ৷

লগতে মেৰী কমে এই সাফল্যত প্ৰেৰণা দিয়া সকলোকে ধন্যবাদ জনায় ৷মেৰীকমে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়নচিপ খিতাপ দখল কৰা প্ৰথম মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ৩৫ বছৰীয়া ভাৰতৰ বহু যুজৰ নায়িকা মহিলা বক্সাৰ গৰাকীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত ইউক্ৰেণৰ ২২ বছৰীয়া বক্সাৰ হান্না ওখোতাক পৰাস্ত কৰি বিশ্ব জয়ৰ খিতাপ নিজৰ দখলত আনিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে মেৰিকমে ২০০২,২০০৫,২০০৬,২০০৮ আৰু ২০১০ চনত পাঁচ বাৰ বিশ্বচেম্পিয়নচিপত সোণৰ পদক জয় কৰিছিল। মেৰীকমৰ এই বিশ্বজয়ৰ সফলতাই গৃহৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ দেশত উছাহৰ ধল বোৱাইছে।খেলৰ শেষত মেৰীকমে খেল উপভোগ কৰিব অহা প্ৰতিজন দৰ্শকক খেলৰ সময়ত জনোৱা উৎসাহ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ক্ৰীড়া মন্ত্ৰ্যালয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে উত্তৰ পূবৰ মেৰী কমৰ নাম পদ্মবিভূষণৰ কাৰণে প্ৰস্তাৱ ৰখা হৈছে ৷ দেশৰ দ্বিতীয়গৰাকী সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণৰ কাৰণে প্ৰথমবাৰলৈ এগৰাকী মহিলা খেলুৱৈ হিছাপে ছবাৰৰ কাৰণে বিশ্ব চেম্পিয়ন মেৰী কমৰ নাম প্ৰেৰণ কৰা হৈছে ৷

ইফালে ক্ৰীড়া মন্ত্ৰ্যালয়ে ৯ গৰাকী এথলীটৰ নাম প্ৰেৰণ কৰিছে ৷ আৰু উল্লেখযোগ্য যে ক্ৰীড়া মন্ত্ৰযালয়ৰ আটাই কেইগৰাকী এথলীট হৈছে মহিলা ৷ ক্ৰীড়া মন্ত্ৰ্যালয়ে পদ্মবিভূষণৰ কাৰণে প্ৰেৰণ কৰা মেৰী কম ছবাৰকৈ বিশ্ব চেম্পিয়ন হৈছিল। মণিপুৰী বক্সাৰগৰাকীয়ে ২০১২ চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক:571th Birth Anniversary of Srimanta Sankardeva celebrated in Digboi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com