কা- বিৰোধী আন্দোলনৰ মাজতে ৰাজ্যিক কেবিনেটৰ বিশেষ পদক্ষেপ

কা- বিৰোধী আন্দোলনৰ মাজতে ৰাজ্যিক কেবিনেটৰ বিশেষ পদক্ষেপ

কা- বিৰোধী আন্দোলনৰ মাজতে ৰাজ্যিক কেবিনেটৰ বিশেষ পদক্ষেপ।অসমীয়া ভাষা,সংস্কৃতি,নিজ ভূমিত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটে কেইটামান বিশেষ পদক্ষেপ লৈছে। ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্টীকে সামৰি লৈ কেইবাটাও বিশেষ পদক্ষেপ লয় ৰাজ্যিক কেবিনেটে। ইয়াৰ ভিতৰত অসমীয়াক ৰাজ্যিক ভাষাৰ স্বীকৃতি দিবলৈ সংবিধানৰ ৩৪৫ অনুচ্ছেদ সংশোধনৰ প্ৰস্তাৱ কেন্দ্ৰলৈ,খিলঞ্জীয়াৰ ভূমি অধিকাৰ,দশম শ্ৰেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰা,নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন,নতুন জিলা ঘোষণা আৰু ৰাজ্যত নতুন স্বায়ত্ব পৰিষদ গঠন।

শনিবাৰে ৰাজ্যিক কেবিনেটৰ বিশেষ বৈঠক অনুষ্ঠিত হয় । বৈঠকত ৰাজ্যৰ উন্নয়ন তথা বিভিন্ন উন্নয়নমূলক পৰিকল্পনা সন্দৰ্ভত পৰ্য্যালোচনা কৰা হয়। কেবিনেট বৈঠকৰ পিছত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী চন্দন ব্ৰহ্মই। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি প্ৰতিখন কেবিনেট বৈঠকতে ৰাজ্যৰ উন্নয়ন সম্পৰ্কত বিশেষ গুৰুত্ব দিছোঁ। তাৰোপৰি আমি পৰৱৰ্তী নিৰ্বাচনৰ বাবেও সাজু হৈছোঁ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ আন্দোলন চলি থকাৰ মাজতে চৰকাৰৰ এনে ঘোষণা সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ চৰকাৰে সদায় উন্নয়নৰ ওপৰত গুৰুত্ব দি আহিছোঁ। আমি নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীক বহু প্ৰতিশ্ৰুতি দিছিলোঁ।সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সময় এইয়া। কেবিনেট বৈঠকৰ সিদ্ধান্ত সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনায় যে, অসমীয়াক ৰাজ্যিক ভাষা স্বীকৃতি দিবলৈ কেন্দ্ৰক সংবিধানৰ ৩৪৫অনুচ্ছেদ সংশোধনৰ প্ৰস্তাৱ,বৰাক,বি টি এ ডি,পাৰ্বত্য জিলাৰ বাহিৰে ৰাজ্যৰ সকলো মাধ্যমৰ বিদ্যালয়ত দশম শ্ৰেণীলৈ অসমীয়া হব বাধ্যতামূলক,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন,মটক মৰাণ জনগোষ্ঠীৰ বাবে গঠন কৰিব দুখন নতুন স্বায়ত্বশাসিত পৰিষদ,পাঠশালাক সদৰ হিচাপে লৈ নতুন জিলা হব বজালী,বিশ্বনাথ শিৱসাগৰ জিলাত স্থাপন হব দুখন নতুন চিকিৎসা মহাবিদ্যালয়,গোলাঘাটত স্থাপন কৰা হব সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি।

ভিডিঅ প্ৰতক্ষ্য কৰক: Women bodies protest against CAA-2019 in Biswanath

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com