Begin typing your search above and press return to search.

 অসমীয়াৰ সকলো শংকা আঁতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিজেপি বিধায়িনী দলৰ

 অসমীয়াৰ সকলো শংকা আঁতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিজেপি বিধায়িনী দলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2019 7:14 AM GMT

অসমীয়াৰ সকলো শংকা আঁতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিজেপি বিধায়িনী দলৰ । নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই শনিবাৰে বিজেপিৰ বিধায়িনী দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত ব্ৰক্ষ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিজেপিৰ বিধায়িনী দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমীয়া ভাষা ৰক্ষা সুৰক্ষাৰ বাবে দাবী জনায় । প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰি নাগৰিকত্ব সংশোধনী আইন ফলত হ'ব পৰা সকলো ধৰণৰ বাধা দূৰ কৰাবলৈ আহ্বান জনায় । বিধায়িনী দলটোৱে কয় যে অসমীয়া লোকে নিজৰ ভাষা , সংস্কৃতি, সাহিত্যৰ প্ৰতি শংকিত হৈছে । অসমীয়া ভাষা , সংস্কৃতি আৰু সাহিত্যৰ ওপৰত যাতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ফলত কোনো ভাবুকিৰ সৃষ্টি নহয় তাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান বিধায়িনী দলটোৰ ।

বৈঠকৰ পিছত বিজেপি বিধায়ক পদ্ম হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ গৃহীত হোৱাৰ লগে লগে অসমীয়া জাতিৰ ভাষা , সংস্কৃতি , সাহিত্য বিলুপ্তি হৈ যাব বুলি জনসাধৰণৰ শংকিত হৈছে। তাৰ বাবে সংবিধান সংশোধন কৰি হ'লেও অসমীয়া ভাষা সুৰক্ষিত কৰিব লাগে । লগতে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ বাবে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে সাহিত্য, সংস্কৃতিকো সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ বাবে বিধায়িনী দলে আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ।

লগতে এই বৈঠকত বৰ্তমানৰ ৰাজ্যৰ ছয় জনগোষ্ঠী ক্ৰমে টাই আহোম , মৰাণ , মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়া বা তেওঁলোকৰ উত্তৰণৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়িনী দলৰ ।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ওপৰত বিধায়ক পদ্ম হাজৰিকাই কয় যে, " গণতান্ত্ৰিক ভাৱে আন্দোলন কাৰ‌যসূচী ৰূপায়ণ কৰা সকলক আমি সন্মান কৰো । আমি চৰকাৰক আহ্বান জনাইছো যে তেওঁলোকৰ লগত চৰকাৰে বৈঠক অনুষ্ঠিত কৰা "। লগতে কয় যে " আন্দোলনৰ সময়ত যি সকলে আইন হাতত তুলি লৈছে আৰু আমাৰ ওপৰত পৰিকল্পিত ভাৱে টাৰ্গেট কৰিছিল সেই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহন কৰিবলৈ আহ্বান জনাইছো । ছ'চিয়েল মিডিয়াত একাংশ লোকে অশালীন শব্দ প্ৰয়োগ কৰি সামাজিক বাতাৱৰণ নষ্ট কৰিব বিচাৰিছিল, গতিকে এই সকলো লোকৰ বিৰুদ্ধে চৰকাৰক বিহিত ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনোৱা হৈছে" ।

অন্য কিছুমান দাবীৰ ওপৰত বিভিন্ন সংগঠনে কৰা আন্দোলনৰ ওপৰত বিধায়ক পদ্ম হাজৰিকাই কয় যে তেওঁলোকৰ দাবী সমূহ পূৰণৰ অৰ্থে আৰু সংগঠন সমূহৰ লগত বৈঠক অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বিধায়িনী দলটোৱে । তদুপৰি পথ, বানপানী আৰু চিকিৎসাৰ ক্ষেত্ৰতো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়িনী দলৰ । তদুপৰি এই বৈঠকত আন বিভিন্ন বিষয় উত্থাপন কৰে বিধায়িনী দলে ।

অন্য খবৰৰ বাবে পঢ়ক : কা-ৰ প্ৰতিবাদ নিহত সকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ স্থিতিৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ সমুজ্জ্বল ভট্টাচাৰ্যৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Women bodies protest against CAA-2019 in Biswanath

Next Story
চাকৰি