কা-ৰ প্ৰতিবাদ নিহত সকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ স্থিতিৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ সমুজ্জ্বল ভট্টাচাৰ্যৰ

কা-ৰ প্ৰতিবাদ নিহত সকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ স্থিতিৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ সমুজ্জ্বল ভট্টাচাৰ্যৰ।‌ মুখ্যমন্ত্ৰী তথা তেওঁৰ কেবিনেটৰ সহকৰ্মী সকলৰ মনত কি আছে ? শনিবাৰে লতাশিল খেলপথাৰৰ পৰা এই প্ৰশ্ন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।‌

শনিবাৰে দ্যা চেন্টিনেলৰ আগত আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে এয়া অতি দুৰ্ভাগ্য জনক যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত নিহত লোক সকলৰ প্ৰতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ স্থিতি প্ৰকাশ কৰা নাই । কেবিনেটৰ আন মন্ত্ৰী সকলো একেই । তেওঁলোকৰ ওচৰত অন্তৰ নাই নেকি বুলি প্ৰশ্ন সমুজ্জ্বল ভট্টাচাৰ্যৰ। প্ৰতিবাদকাৰী সকলৰ হত্যাৰ উচিত তদন্ত বিচাৰে সন্থাটোৱে ।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে হ'ব লগীয়া আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে ডিচেম্বৰৰ ২৩ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব। লগতে এই কাৰ্যসূচীৰ ওপৰত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱ সমাজ আৰু মহিলাৰ অৱস্থানেৰে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা হ'ব ।

তদুপৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে শিল্পী সমাজেও হাতিগাঁওৰ নিৱাসী ছেম ষ্টাফোৰ্ডৰ আদ্যশ্ৰাদ্ধত উপস্থিত থাকিব। ছেম ষ্টাফোৰ্ড নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত নিৰাপত্তা ৰক্ষীৰ হাতত নিহত হৈছিল । ৰবিবাৰে এই আদ্যশ্ৰাদ্ধ সমাপন হ'ব হাতীগাঁও হাইস্কুল খেলপথাৰত ।

তাৰ পিছতেই ২৩ ডিচেম্বৰ তাৰিখে ৰাজ্য জুৰি নাগৰিকৰ অৱস্থানেৰে আইন খনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব । লতাশিলৰ লগতে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ খেলপথাৰত দিনৰ ১১ বজাৰ ২ বজালৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব । ২৩ ডিচেম্বৰ তাৰিখে ৰাজ্য জুৰি নাগৰিকৰ অৱস্থানেৰে আইন খনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব। ঠিক একেদৰে ২৪, ২৬ আৰু ২৮ ডিচেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো অঞ্চল, গাওঁতে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই জনোৱা অনুসৰি আছুয়ে ঘোষনা কৰা বিক্ষোভ কাৰ্যসূচীৰ মাজতেই অসমৰ গাৱে গাৱে, প্ৰতিটো অঞ্চলত সভা, পদযাত্ৰা, প্ৰতিবাদী সভা , চাইকেল সমদল আদি ৰূপায়ন কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Women bodies protest against CAA-2019 in Biswanath

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com