Begin typing your search above and press return to search.

ক’ৰ’না সংকটঃ এবছৰৰ বাবে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ ৩০% দৰমহা কৰ্তন

ক’ৰ’না সংকটঃ এবছৰৰ বাবে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ ৩০% দৰমহা কৰ্তন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 April 2020 9:16 AM GMT

ক’ৰ’না সংকটঃ এবছৰৰ বাবে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ ৩০% দৰমহা কৰ্তন। ক’ৰ’না মহামাৰীয়ে সৃষ্টি কৰা আৰ্থিক সংকট মোকাবিলাৰ উদ্দেশ্য ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলৰ দৰমহা এবছৰৰ বাবে ৩০শতাংশ কৰ্তন কৰা হ’ব।

কেবিনেটে মঙ্গলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী, মন্ত্ৰী, আৰু সকলো বিধায়কৰ মাহিলী দৰমহাৰ ৩০% ধন এবছৰৰ বাবে কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ গৃহীত হয়। এই ধন ৰাজ্যৰ কোভিড-১৯ত আক্ৰান্ত সকলৰ বাবে চৰকাৰে ব্যৱহাৰ কৰিব।

লকডাউনৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিস্থিতি সম্পৰ্কত অসম কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ বৈঠকৰ পিছত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " কেন্দ্ৰৰ নিৰ্দেশ পোনপটীয়াকৈ জিলা উপায়ুক্তৰ দ্বাৰা প্ৰয়োগ কৰা হ'ব । তদুপৰি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। যদি কোনো কাৰণত সামাজিক দূৰত্ব সম্ভৱ নহয় তেন্তে জিলা উপায়ুক্তই উচ্চস্তৰীয় কৰ্তৃপক্ষক অৱগত কৰাব লাগিব "।

লগতে তেওঁ কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে লকডাউনৰ সময় সম্পৰ্কে পৰামৰ্শও দিছে । কেবিনেটত ১২ এপ্ৰিলত হ'ব লগীয়া বৈঠকত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব।

তদুপৰি অসম চৰকাৰ লকডাউন প্ৰত্যাহাৰৰ পক্ষপাতী নহয়।

যি সকল লোকক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰা নাই সেই সম্পৰ্কে শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালকে এহেজাৰ টকাকৈ কৈ দিব । জনসংখ্যাৰ ঘনত্ব অনুসৰি হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

তদুপৰি চৰকাৰে স্বাস্থ্য বিভাগৰ লগত জড়িত লোক সকলৰ বাবে ৫০হেজাৰ টকাৰ বীমাৰ ব্যৱস্থা কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: এই জটিল সময়ত সংবাদ মাধ্যমে মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে : মুখ্যমন্ত্ৰী সোণোৱাল

ভিডিঅ প্ৰতক্ষ্য কৰক: War against COVID-19: Assam Health Department signs 22 MoUs with private hospitals in Silchar

Next Story
চাকৰি