Begin typing your search above and press return to search.

এই জটিল সময়ত সংবাদ মাধ্যমে মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে : মুখ্যমন্ত্ৰী সোণোৱাল

এই জটিল সময়ত সংবাদ মাধ্যমে মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে : মুখ্যমন্ত্ৰী সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 April 2020 7:22 AM GMT

এই জটিল সময়ত সংবাদ মাধ্যমে মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে : মুখ্যমন্ত্ৰী সোণোৱাল।বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰীয়ে অসমতো চৌদিশে ত্ৰাসৰ সৃষ্টি কৰিছে। অসমত বৰ্তমানলৈকে ২৭ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত সংবাদ মাধ্যমে পালন কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। তেওঁ মতপোষণ কৰে যে ৰাজ্যত সংবাদ মাধ্যমে জনতাৰ মাজত সজাগতা সৃষ্টিৰে এই ভাইৰাছৰ অধিক সংক্ৰমণত বাধা আৰোপ কৰিছে। লগতে জনসাধাৰণে এই ভাইৰাছ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

সোমবাৰে হোজাই জিলাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সোণোৱালে কয় যে ৰাজ্যত লক-ডাউনৰ সফল প্ৰয়োগৰ ফলত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ কিছু পৰিমাণে সীমিত হ'ব পাৰে। তেওঁ সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে জনতাই গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰি আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান ভাৰতীয় সকলৰ জীৱন ৰক্ষা কৰাৰ চাবিকাঠীত পৰিণত হৈছে। সোণোৱালে কয় যে চিকিৎসক, নাৰ্ছ, আশাকৰ্মী , এম পি ডব্লিউ, পৰীক্ষাগাৰ টেকনিচিয়ান, ৱাৰ্ড বয়, চাফাই কৰ্মী এম্বুলেন্সৰ চালকৰ লগতে স্বাস্থ্য-বিভাগত কৰ্মৰত সকলো কৰ্মচাৰীয়ে নিজৰ জীৱনক বিপদাপন্ন কৰি আনৰ জীৱনক ৰক্ষা কৰিবলৈ অহৰ্নিশে কাম কৰি আছে। লগতে তেওঁ কয় যে আৰক্ষী, খাদ্য পৰিবহন , জনস্বাস্থ্য কাৰিকৰী বিভাগ , বিদ্যুত কৰ্মচাৰী , পৰিবহন বিভাগ আদিৰ সকলো কৰ্মীয়ে ক’ৰ’না মহামাৰী বিৰোধী যুঁজত অন্তৰ্ভুক্ত হৈছে।‌

ইয়াৰ পূৰ্বে সোণোৱালে হোজাই , নগাঁও, মৰিগাঁও, জিলা ভ্ৰমণ কৰে আৰু ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰশাসনে লোৱা কাম-কাজৰ তদাৰক কৰে । তদুপৰি তেওঁ অসামৰিক হাস্পাতালো পৰিদৰ্শন কৰে আৰু জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আন চৰকাৰী বিভাগসমূহৰ কৰ্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়।

অন্য খবৰৰ বাবে পঢ়ক: ক্ৰমাৎ উন্নত হৈছে ইটালীৰ অৱস্থাঃ হ্ৰাস পাইছে মৃত্যুৰ হাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: War against COVID-19: Assam Health Department signs 22 MoUs with private hospitals in Silchar

Next Story
চাকৰি