Begin typing your search above and press return to search.

ক্ৰমাৎ উন্নত হৈছে ইটালীৰ অৱস্থাঃ হ্ৰাস পাইছে মৃত্যুৰ হাৰ

ক্ৰমাৎ উন্নত হৈছে ইটালীৰ অৱস্থাঃ হ্ৰাস পাইছে মৃত্যুৰ হাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 April 2020 12:20 PM GMT

ক্ৰমাৎ উন্নত হৈছে ইটালীৰ অৱস্থাঃ হ্ৰাস পাইছে মৃত্যুৰ হাৰ

ক’ৰ’না মহামাৰীয়ে একপ্ৰকাৰ মৃত্যু উপত্যকাত পৰিণত কৰা ইটালীৰ অৱস্থা ক্ৰমে উন্নত হৈছে। ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ পৰা কমেও তিনি হেজাৰ মাইল দূৰত্বত অৱস্থিত হোৱা সত্বেও ইটালীত এই মহামাৰীয়ে ভয়ংকৰৰূপ ধাৰণ কৰে। মাথোঁ কিছুদিনৰ ভিতৰতে প্ৰাণ হেৰুৱায় ১৫ সহস্ৰাধিক লোকে। প্ৰায় সমগ্ৰ পৃথিৱীতে ক’ৰ'না ভাইৰাছ বিয়পি পৰিছে যদিও সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইউৰোপ মহাদেশৰ ইটালীত। নিতৌ শ শ লোক মৃত্যুমুখত পৰিছে। দেশখনৰ চৰকাৰী তথ্য অনুসৰি শনিবাৰে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয় ৬৮১ জন লোকৰ। অৱশ্যে দেওবাৰৰ দিনটোত দেশখনত মৃত্যু ঘটে ৫২৫ জনৰ। দীৰ্ঘ সময়ৰ অন্তত যোৱা দুদিনত আশাৰ ৰেঙণি ফুটি উঠিছে।

দেশখনৰ সাধাৰণ লোকৰ জীৱন তথা স্বাস্থ্যৰ সুৰক্ষাৰ দায়িত্বত থকা চিভিল প্ৰটেকচন ডিভিজনৰ মতে, দেশখনত শনিবাৰে প্ৰথমবাৰৰ বাবে কম লোকৰ মৃত্যু হয়। চিভিল প্ৰটেকচন ডিভিজনৰ মুখ্য কাৰ্যবাহী বিষয়া এজেলী বেৰেলিয়ে সদৰী কৰা অনুসৰি শুকুৰবাৰে ইটালীৰ চিকিৎসালয়ত জৰুৰী কক্ষ (ক্ৰিটিকেল কেয়াৰ)ত ভৰ্তি ৰোগীৰ সংখ্যা ৪,০৬৪ জন আৰু পিছদিনা এই ৰোগীৰ সংখ্যা ৩,৯৯৪ জন হয়। আনহাতে, ইটালী চৰকাৰৰ চিকিৎসা বিজ্ঞান পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ফ্ৰানকো লোকটেলিয়ে জানিবলৈ দিয়া মতে, জটিল ৰোগীৰ সংখ্যা কমি অহাটো শুভ লক্ষণ। একেদৰে ভাইৰাছৰ সংক্ৰমণো ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে। শনিবাৰৰ দিনটোত ২,৮৮৬জন লোকহে নতুনকৈ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। বিগত সময়ত ইটালীত ৮৮,২৭৪ জন সংক্ৰমিত ৰোগী আছিল। আনহাতে, ২১,৮১৫ জন ৰোগী চিকিৎসালয়ত সুস্থ হৈ উঠিছে। দেশখনৰ ভিতৰত লেম্বোডিৰ উত্তৰ প্ৰান্তত এই ভাইৰাছ সংক্ৰমণৰ ঘটনা সৰ্বাধিক। সমগ্ৰ দেশৰ ৮৫ শতাংশ ৰোগীয়েই এই ঠাইৰ। অৱশ্যে দেশখনৰ প্ৰান্তৰ সকলো চহৰৰ লোকসকলৰ বাবে বজাৰ-সমাৰলৈ যাওঁতে বা ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰী: প্ৰায় সমগ্ৰ দেশজুৰি লক-ডাউন, এতিয়ালৈকে ১০ জনৰ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি