Begin typing your search above and press return to search.

ৰাজ্যত প্ৰলয়ংকাৰী বান: গুৱাহাটীতো বিপদসীমাৰ ওপৰৰে বৈছে ব্ৰহ্মপুত্ৰ

ৰাজ্যত প্ৰলয়ংকাৰী বান: গুৱাহাটীতো  বিপদসীমাৰ ওপৰৰে বৈছে ব্ৰহ্মপুত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 10:28 AM GMT

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে । ফাঁচী বজাৰ , মাছখোৱা আদি লৈ ব্ৰক্ষপুত্ৰয়ে ভাবুকি কঢ়িয়াই আনিছে।

জল সম্পদ বিভাগে এম জি ৰোড ৰ গুৱাহাটী-মধ্যম খণ্ড ফেৰী ঘাটলৈ ভাবুকি কঢ়িয়াই আনিছে । ফাঁচী বজাৰ আৰু মাছখোৱা যিকোনো মুহুৰ্ততে বানপানীৰ সৃষ্টি হব পাৰে ।

বুধবাৰৰ পৰা বতৰৰ কিছু উন্নত হৈছে । ব্ৰহ্মপুত্ৰৰ পাৰত থকা বহুতো উদ্যান শুক্ৰেচৰ দেৱালয়ৰ পৰা পৰা পানীৰ তলত । শংকৰদেৱ উদ্যান, অজানপীৰ উদ্যোন, ভগৱান মহাবীৰ উদ্যান, গুৱাহাটী- কাছমাৰি ঘাট আৰু গুৱাহাটী-মাধ্যম খণ্ড ঘাট পানীৰ তলত । ভৰলুমুখৰ চ্লুইচ গেট খন বন্ধ কৰি দিয়া হৈছে । সোনাৰাম এইচ এচ স্কুল, ভৰলুমুখ আৰক্ষী থানাৰ পিছফালে, আৰু পাণ্ডু ঘাট পানীৰ তলত ।

গুৱাহাটীৰ বিভিন্ন স্থানত এতিয়াও পৰিষ্ঠিতি অপৰিবৰ্তিত । উজান বজাৰ, নাওপাৰা, সাতগাঁও, তিনিতুকুৰা, পানীখাটী, বেঙগেনামাৰী, তামুলবাৰী, খেৰবাৰী, আমগাও, ৰাজাবাৰী আদি প্লাবিত। লগতে তান্তিপাৰা, শিঙিমাৰি, পানবাৰী, ঠাকুৰকুচি আদি পানীৰ তলত ।

বৰ্তমান কালিপুৰৰ চক্ৰেচৰ মন্দিৰৰ লক্ষ্মী-নাৰায়ানাৰ মূৰ্তিটো বৰ্তমান দেখা পোৱা গৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষয়ৰ তথ্য মতে মংগলবাৰে কামৰূপ জিলা, গুৱাহাটী ৰাজহ চক্ৰৰ ৫ খন গাঁও, সোনাপুৰ ৰাজহ চক্ৰৰ ১৯ খন গাঁও , চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ ২৬ খন গাঁও , আজাৰা ৰাজহ চক্ৰৰ ৪ খন গাঁও আৰু দিছপুৰ ৰাজহ চক্ৰৰ ১ খন গাঁও পানীৰ তলত । জিলা খনত ৫৬,৩৬৮ লোক বানত ক্ষতিগ্ৰস্থ হৈছে । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কৱলত মহানগৰীৰ চুনচালি অঞ্চলো। অনাহাৰে অনিদ্ৰায়ে দিন কটাব লগিয়া হৈছে চুনচালি বাসিয়ে ।

একেৰাহে বৰষুণ হৈ থকা ফলত চাৰিদিন ধৰি বানৰ কৱলত অঞ্চলতো । জনসাধাৰণৰ দুৰ্যোগৰ সময়ত প্ৰশাসন তথা চৰকাৰৰ কোনো লোকে খবৰ নোলোৱাৰ গুৰুত্বৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ।চুনচালি অঞ্চলৰ ঘৰৰ মুধচলৈকে পানী। অনাহাৰে দিন নিশা কটাব লগীয়া হৈছে বানাক্ৰান্ত লোকসকল। বানৰ কৱলত পৰাৰ ফলত অঞ্চলটোৰ ৫০ ঘৰ মানুহৰ জাৰ্চি গাইকে ধৰি প্ৰায় ৬০০ গৰু ৰাস্তাতে বান্ধিবলগীয়া হৈছে। ঘাঁহৰ অভাৱত ভোকত কটাবলগীয়া হৈছে পশুধন।

কেন্দ্ৰীয় মন্ত্ৰীজনক অসমৰ প্ৰতিনিধি বৰ্গই জনায় যে ৩২ খন জিলাৰ ১২৪ টা ৰাজহ চক্ৰৰ ৪৬২০ খন গাঁও বানত আক্ৰান্ত হৈছে ৷ এই পৰ্যন্ত মুঠ ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২ জন লোকৰ ভূমিস্খলনত মৃত্যু বৰণ কৰিছে ৷ এতিয়ালৈকে বানত ৪৪.৯৬ লাখ লোক বানত আক্ৰান্ত হৈছে । আনহাতে এছ ডি আৰ এফ আৰু এন ডি এৰ এফে উদ্ধাৰৰ বাবে নাও সাজু ৰাখিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: বানপানীত ক্ষতিগ্ৰস্থ ইণ্ডো- বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰ

Next Story
চাকৰি